গুৱাহাটী – এতিয়াৰ পৰা ঘৰতে ই-ৰিক্সাৰ বেটাৰী চাৰ্জ নিদিব। অন্যথা আইনগত ব্যৱস্থাৰ সমূখীন হ’বলৈ সাজু থাকক। যদি আপুনি ঘৰতে ব্যৱসায়িকভিত্তিত ই-ৰিক্সাৰ বেটাৰী চাৰ্জ দি আছে তেনেহ’লে আইনৰ দ্বাৰস্ত হ’বলৈ সাজু থাকক।

বৃহস্পতিবাৰে এই সন্দৰ্ভত অসম শক্তি বিতৰণ কোম্পানীয়ে এক জাননী যোগে জনাই যে, যি সকল বিদ্যুৎ গ্ৰাহকে নিজৰ ঘৰত ই-ৰিক্সা চাৰ্জ কৰিবলৈ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি আছে, তেওঁলোকে অনতি পলমে ই-ৰিক্সা চাৰ্জৰ কাৰণে LT-Electrical Vehicle Charging শ্ৰেণীৰ অতিৰিক্ত বিদ্যুৎ সংযোগৰ কাৰণে আবেদন কৰিবলৈ শক্তি বিতৰণ কোম্পানীটোৱে আহ্বান জনাইছে।

যদি কোনো লোকে ঘৰৰ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰিয়ে ই-ৰিক্সা চাৰ্জ কৰে তেনেহ’লে সেই গ্ৰাহকজনৰ বিৰুদ্ধে ভাৰতীয় বিদ্যুৎ আইনৰ ধাৰা ১২৬ এপিডিচিএলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply