বৰপেটা : দৰিদ্ৰ পৰিয়ালক সহায়ৰ বাবে পুনৰ আগুৱাই আহিল আজমল ফাউণ্ডেশ্যন। আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা দৰিদ্ৰ পৰিয়ালক ই-ৰিক্সা প্ৰদান। বৰপেটাৰ এটি দৰিদ্ৰ পৰিয়ালক আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এখন ই-ৰিক্সা প্ৰদান কৰা হয়।

বৰপেটা জিলাৰ ঘোঁৰামাৰাহাটীৰ প্ৰয়াত জিতু দাসৰ দৰিদ্ৰ পৰিয়ালটোক উপাৰ্জনৰ পথ মুকলাই দিয়াৰ উদ্দেশ্য আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এখ ই-ৰিক্সা খন প্ৰদান কৰা হয়।আজমল ফাউণ্ডেশ্যনৰ হৈ মুফতি ছামচুদ্দিন আহমেদ আৰু আশ্ৰাফুল মামুনে প্ৰয়াত জিতু দাসৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক ই-ৰিক্সাখন প্ৰদান কৰে।

বৰপেটা চহৰত ঠেলা চলাই কঠোৰ পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰা জিতু দাস নামৰ লোকজন এবছৰ পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল। উল্লেখ্য যে জিতু দাসৰ চিকিৎসাৰ বাবেও সহায়ৰ হাত আগবঢ়াইছিল আজমল ফাউণ্ডেশ্যনে। মৃত্যুৰ পিছতে জিতু দাসৰ পুত্ৰ-কন্যা আৰু পত্নী আৰ্থিকভাৱে ভাঙি পৰে।

পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ কথা বৰপেটাৰ স্থানীয় সাংবাদিক পুলেন্দ্ৰ দাসে আজমল ফাউণ্ডেশ্যনৰ প্ৰতিনিধি সকলক অবগত কৰে। পৰিয়ালটোৱে সন্মুখীন হোৱা সমস্যাৰ পৰা পৰিয়ালটেক উদ্ধাৰ কৰাৰ লগতে পৰিয়ালটোক উপাৰ্জনৰ পথ এটা মোকলাই দিয়া আৰু দুৰ্ভগীয়া পৰিয়ালটোক সকাহ হ’ব পৰাকৈ আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ই-ৰিক্সাখন প্ৰদান কৰা হয়।

লগতে পঢ়ক :  ছাত্ৰীক অশ্লীল প্ৰস্তাৱ গোসাঁইগাঁও মহাবিদ্যালয়ৰ শিক্ষকৰ

দুখীয়া পৰিয়ালটোক সকাহ দিয়াৰ বাবে আজমল ফাউণ্ডেশ্যনে লোৱা উদ্যোগ আৰু এই ক্ষেত্ৰত সাংবাদিক পুলেন্দ্ৰ দাসে লোৱা তৎপৰতাক স্থানীয় লোকে আদৰনি জনোৱাৰ লগতে আজমল ফাউণ্ডেশ্যনৰ এনে পদক্ষেপৰ বাবে পৰিয়ালটোৱে কৃতজ্ঞতা জনায়। উল্লেখ্য আজমল ফাউণ্ডেশ্যনৰ দুখীয়া লোক সকলৰ কাষত থিয় দিয়াৰ উদাহৰণ বহু আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply