মৰিয়নী : মৰিয়নী পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও কৰিলে ই-ৰিক্সা চালকে। মৰিয়নীত বিগত তিনি দিন ধৰি বন্ধ হৈ আছে ই- ৰিক্সাৰ চলাচল৷ যোৰহাট জিলা পৰিবহন বিষয়া নেতৃত্বত অহা আৰক্ষী আৰু যান বাহন আৰক্ষীৰ দলে ইতিমধ্যে মৰিয়নীত জব্দ কৰিছে ৫ খনতকৈও অধিক ই-ৰিক্সা।
হঠাৎ যোৰহাট জিলা পৰিবহণ বিষয়া কার্যলায়ৰ পৰা এম ভি আইয়ে ই-ৰিক্সা জব্দ কৰাত দিশহাৰা হৈ ই-ৰিক্সা চালক সকলে ঘৰত পেলাই ৰাখিব লগা হৈছে ই-ৰিক্সা সমুহ। মৰিয়নী পৌৰ নিগমৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু পূৰ্ৱৰ পৌৰপতি মিলিত হয় মৰিয়নীত চলাচল কৰিবলৈ ই-ৰিক্সাৰ নথিপত্ৰ দিম বুলি ৫ হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন কৰে ই-ৰিক্সা চালক সকলে।
লগতে পঢ়ক – লাক্ষীপুৰত হাতীৰ আক্ৰমণত মৃত্যু একেটা পৰিয়ালৰ তিনিজনৰ
অৱশ্যে এই সমুহ নথিপত্ৰ এতিয়া আৰক্ষী আৰু এম ভি আইয়ে গ্ৰহণ নকৰাত বিপদত পৰিছে ই-ৰিক্সা চালক সকল। সোমবাৰে মৰিয়নী পৌৰ নিগমৰ কাৰ্যালয়ৰ সন্মুখত ই-ৰিক্সা চালক সকল অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷