কলিয়াবৰঃ নগাঁও জিলা সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সোমবাৰে কলিয়াবৰৰ শালনা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাল্য বিবাহ ৰোধ সম্পৰ্কীয় এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত সজাগতা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰকৃতি কৰ্মী, সমাজ সচেতক ভূপেন শৰ্মা।
বাল্য বিবাহৰ সমস্যাটো ল’ৰা আৰু ছোৱালী উভয়ৰে বাবেই চিন্তনীয় আৰু সমাজৰ বাবে অতি ক্ষতিকাৰক বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে। লগতে তেওঁ কয় যে- ‘আমাৰ সমাজত এতিয়াও কন্যা সন্তানক অৱজ্ঞা কৰা হয় যদিও কন্যা সকল কেতিয়াও পিছ পৰি থকা নাই।’
মহিলাসকলক আমাৰ সমাজখনে আগবাঢ়িবলৈ নিদিয়ে বুলি উদ্বেগ প্ৰকাশ কৰে বিশিষ্ট অতিথি গৰাকীয়ে। বাল্য বিবাহৰ ফলত কেৱল শিক্ষাই নহয়, জীৱনটোও ধ্বংস হৈ যায় বুলি কয় ভূপেন শৰ্মাই। ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন উদাহৰণৰে বাল্য বিবাহৰ কুপ্ৰভাৱ সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱাৰ লগতে ল’ৰা-ছোৱালী উভয়ৰে বয়স ২১ বছৰ হ’ব লাগে বুলিও মত পোষণ কৰে বিশিষ্ট অতিথি গৰাকীয়ে।
অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে গীত-নৃত্য আদি পৰিৱেশনৰ কৰাৰ লগতে পুৰনিগুদামৰ “অংগাভিনয়, অসম” গোষ্ঠীৰ সদস্যাসককে নৃত্য আৰু নাটক পৰিৱেশন কৰি বাল্য বিবাহৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জনমত গঢ়ি তোলাৰ চেষ্টা কৰে।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ বৰাইকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শালনা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনু কুমাৰী বৰা, কেথলিক মিছন হাইস্কুলৰ প্ৰধান শিক্ষক ম’ছেছ মাৰ্দি, সাংস্কৃতিক কৰ্মী দীপাঞ্জলি শৰ্মা, সমাজ কৰ্মী কাৰ্তিক চন্দ্ৰ ভূমিজৰ লগতে কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াও উপস্থিত থাকে।