গুৱাহাটীঃ পুনৰ এক প্ৰচণ্ডই ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য। ১বাজি ১২ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল গুৱাহাটীৰ পৰা দক্ষিণ পশ্চিম দিশত ৩১ কিলোমিটাৰ দূৰৈত।
ভূমিকম্পৰ প্রাবল্য আছিল ৪.১ ৰিখটাৰ স্কেল। অসমৰ লগতে মেঘালয়তো অনুভূত হয় কম্পন।
লগতে পঢ়কঃবিধায়ক পুঁজিৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত ধনআত্মসাৎ
ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাত মহানগৰবাসী ভয়ত কম্পমান হৈ ৰাস্তালৈ ওলাই অহা পৰিলক্ষিত হৈছে। কিয়নো প্ৰায় দুমাহৰ পূৰ্বে ধাৰাবাহিকভাৱে হোৱা ভূমিকম্পৰ ফলত গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত ব্যাপক ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছিল।