পুনৰ অসম কঁপালে ভূঁইকঁপে
পুনৰ অসম কঁপালে ভূঁইকঁপে

নিউজ ডেস্কঃ বুধবাৰৰ দিনৰ ভাগৰ আতংকই মাৰ নাযাওঁতেই পুনৰ মাজনিশা ৰাজ্যত কঁপাই গ’ল ৫ টাকৈ ভূমিকম্পই।

বুধবাৰে নিশা ১১ বাজি ৩৮ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ লগতে ১২.২৪ বজাত,১.২০ বজাত,১.৪১ বজাত আৰু ১.৫২ বজাত ভূমিকম্পই জোকাৰি যায় ৰাজ্য খনক ।

ভূমিকম্প কেইটাৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ক্ৰমে ২.৮,২.৬,৪.৬,২.৩,২.৮ ।সৰ্বমুঠ ৫ টাকৈ ভূমিকম্পই মাজনিশা জোকাৰি যায় ৰাজ্য খন । ভূমিকম্প কেইটাৰ অভিকেন্দ্ৰ আছিল শোনিতপুৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply