নিউজ ডেস্ক : আজি দিনৰ ভাগত এক ৪ ৰিখটাৰ স্কেলৰ এক মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় অসম। উক্ত ভূমিকম্পৰ জোকাৰণি নামনি অসমৰ বিভিন্ন ঠাইত অনুভুত হয়।
নেশ্যনেল চেণ্টাৰ ফৰ ছিচম’ল’জিৰ মতে আজি দিনৰ ১৩.১৩ বজাত অহা উক্ত ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কোকৰাঝাৰ জিলা।
ভূমিকম্পৰ কেন্দ্ৰস্থল সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল বুলি কোৱা হৈছে।
কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আদি জিলাৰ লগতে পশ্চিমবংগৰ কিছু ঠাইত ভুমিকম্পৰ জোকাৰণি অনুভুত হয় বুলি জানিব পৰা গৈছে।
ভুমিকম্পৰ ফলত ক’তো কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।
লগতে পঢ়ক : মানৰ দ্বিতীয় আক্ৰমনৰ ইতিহাস বিজড়িত এটি ঘৰ পৰিদৰ্শন বিধায়ক পৰমানন্দ ৰাজবংশীৰ