গুৱাহাটীঃ আজি পুৱাই সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূব জোকাৰি যায় প্ৰচণ্ড ভূমিকম্পই।

ভূমিকম্পত মহানগৰীৰ চন্দ্রপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা নামৰ এজন ব্যক্তিৰ মৃত্যু হয়।

ভূমিকম্পৰ ফলত পৰিয়ালৰ বাকীবোৰ লোক বাহিৰত ওলাই অহাৰ সময়তে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়  ৭০ উৰ্ধৰ ব্যক্তি জনৰ।

ইফালে গুৱাহাটীৰ ভেটাপাৰাত ভূমিকম্পৰ ফলতে এজন ব্যক্তি আহত হোৱাৰ খবৰ পোৱা গৈছে ।

পুৱাই একেলেথাৰিয়ে অহা ৩টাকৈ ভূমিকম্পৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো বিস্তৰ ক্ষতিসাধন হয়।

ভূমিকম্পৰ ফলত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাৰ দেৱাল জৰজৰকৈ খহি পৰিল। হোটেলখনৰ কোনো লোক হতাহতি হোৱা নাই যদিওঁ বিস্তৰ ক্ষতি হয়।

ভূমিকম্পত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাৰ দেৱালৰ কিছু অংশ খহি পৰে

এই ভূমিকম্পত মহানগৰীৰ কেইবাটাও ফ্লেটত বিস্তৰ ক্ষতিসাধন হৈছে। বেলতলা অমৰ এপাৰ্টমেন্ট,ৰুক্মিনী গাওঁ গ্ৰীণলেণ্ড এপাৰ্টমেন্টত মেলিছে ফাট। হোটেল লিলিতো ক্ষতি হৈছে ভূমিকম্পৰ ফলত ।

ভূমিকম্পৰ ফলত গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ ‘Signature estates infinity’ এৰ্পাটমেণ্টৰ এটা ফ্লেটৰ পানী টেংকি ফাটি পানীয়ে বুৰাই পেলাই ঘৰৰ ভিতৰ।

উলুবাৰীৰ ‘Signature estates infinity’ এৰ্পাটমেণ্ট

আনহাতে, ভূমিকম্পত ক্ষতি হৈছে গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰ। কেন্দ্ৰটোৰ অএচি প্লেন্টত থকা গেছ চিলিণ্ডাৰ নিৰ্গত হয় ভূমিকম্পৰ জোকাৰণিৰ ফলত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply