বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা বিৰল প্ৰজাতি দল হৰিণ দিনকদিনে কমিবলৈ লৈছে। ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা বাৰশিঙা হৰিণৰ উপ প্ৰজাতি পুৰ্বাঞ্চলীয় দল হৰিণ পৃথিবীৰ ভিতৰত অকল ব্ৰহ্মপুত্ৰ উপত্যকাতহে হৰিণ দেখিবলৈ পোৱা যায় ৷ বিলুপ্ত প্ৰায় এই দল হৰিণ এটা সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিল যদিও সম্প্ৰতি কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানতহে এই হৰিণৰ অৱশিষ্ট বাচি আছেগৈ ৷ এইবাৰৰ গণনাটো দেখা গ’ল ইয়াৰ সংখ্যা আগতকৈ কমিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুব অসম বন্যপ্ৰানী সংমণ্ডলত ৭৮৬টা, বিশ্বনাথ বন সংমণ্ডলত ৬২ টা আৰু নগাঁও বন্যপ্ৰানী সংমণ্ডলত ২০ টা দল হৰিণকে ধৰি মুঠ ৮৬৮ টা দল হৰিণ পোৱা গৈছে। ইয়াৰে ১৭৩ টা মতা, ৫৫৭ জনী মাইকী আৰু ১৩৮ টা এবছৰীয়া পোৱালী দল হৰিণ।
উল্লেখযোগ্য যে, ২০০৭ চনৰ পৰা কাজিৰঙাত আৰম্ভ কৰা দল হৰিণ গণনাত ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪৮ টা আৰু ২০১৮ চনত ৯০৭ টা দল হৰিণ পোৱা গৈছিল ৷ একেদৰে বিশ্বনাথ বনসংমণ্ডলত প্ৰথম বাৰৰ বাবে কৰা গণনাত ২০১৮ চনত ৫৬ টা দল হৰিণ পোৱা গৈছিল।
ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ২০১৮ চনৰ পাছৰ পৰা কাজিৰঙাত হ্ৰাস পাইছে দল হৰিণৰ সংখ্যা লগতে ২০১৯-২০ বৰ্ষত কাজিৰঙাত হোৱা প্ৰলয়ংকাৰী বানপানীৰ বাবে এই সংখ্যা হ্ৰাস পোৱা বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই।

শেহতীয়াকৈ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণাৰ গণনাত দেখা গ’ল পুনৰ কমিছে দল হৰিণাৰ সংখ্যা। ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াকৈ পোৱা গ’ল ৮৬৮টা দল হৰিণা। ২০১৮ চনত উদ্যানখনত আছিল ৯০৭টা দল হৰিণা। দল হৰিণাৰ সংখ্যা দিনকদিনে হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ।
যোৱা ১১ জানুৱাৰীত উদ্যানখনত চলোৱা হৈছিল এক সমীক্ষা। উদ্যান কৰ্তৃপক্ষৰ মতে দল হৰিণাৰ সংখ্যা বঢ়া-কমা নিৰ্ভৰ কৰে বানপানীৰ ওপৰত।২০১৯-২০ বৰ্ষত হোৱা প্ৰবল বানৰ বাবে উদ্যানখনত হ্ৰাস পাইছে হৰিণাৰ সংখ্যা। কঁহৰা, বাগৰি, বিশ্বনাথ, লাওখোৱা, ওৰাঙলৈকে বিস্তাৰিত দল হৰিণাৰ বসতিস্থল।
কাজিৰঙা, মানসত বসতি থকা দল হৰিণা এসময়ত পোৱা গৈছিল পাকিস্তান, বাংলাদেশত। কিন্তু দেশ কেইখনত সম্প্ৰতি লুপ্ত হৈছে দল হৰিণা। পূৰ্বে ধুবুৰী আৰু ধেমাজিতো পোৱা গৈছিল এই হৰিণা বিধ। কিন্তু কালৰ গৰাহত এইবোৰ স্থানত লুপ্ত হৈছে হৰিণা। কাজিৰঙাৰ পৰা স্থানান্তৰ কৰাৰ পাছত মানসত বৃদ্ধি পাইছে দল হৰিণাৰ সংখ্যা।

লগতে পঢ়ক- “সংৰক্ষণৰ অবিহনে অসম গৌৰৱ বটাঁ মূল্যহীন”হেমপ্ৰভা চুতীয়া

আনহাতে ১২৬টা প্ৰজাতিৰ পক্ষীৰ বাসস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি শেহতীয়া পক্ষী গণনাত পোহৰলৈ আহিছে । যোৱা বৰ্ষৰ ২১ ডিচেম্বৰত কাজিৰঙাত চতুৰ্থবাৰলৈ সম্পন্ন হৈছিল পক্ষী গণনা
উদ্যানখনৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে ৬৬,৭৭৬টা বিভিন্ন পক্ষী । উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে উদ্যানখনত বৃদ্ধি পাইছে পক্ষীৰ সংখ্যা।
ইয়াৰ বিপৰীতে নগাঁও বন্যপ্ৰাণী সংমণ্ডল, লাওখোৱা বুঢ়াচাপৰিত কমিছে পক্ষীৰ সংখ্যা। এইবাৰ বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে জলাশয়সমূহ মেটেকাৰে ভৰি থাকিল। ইয়াৰ বাবেও পক্ষী গণনাত কিছু ব্যাঘাত জন্মা বুলিও জনায় কৰ্তৃপক্ষই।
গণনাৰ পিছত দেখা গ’ল ‘হেডেদ গুজ’ পক্ষীৰ সংখ্যা সৰ্বাধিক । উদ্যানখনত পৰিলক্ষিত হ’ল ১৬,৫৫২টা ‘হেডেদ গুজ’ পক্ষী। এইবাৰৰ গণনাত নতুন পক্ষী দেখা নগ’ল উদ্যানখনত। এই গণনাত ভাল খবৰ এই যে অতি দুষ্প্ৰাপ্য কাকলি হাঁহ প্ৰায় ২ হাজাৰ দেখা গ’ল উদ্যানখনত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply