ৰাজৰ্ষি চহৰীয়া

এটা পৰিয়ালৰ মাজৰ পৰা সুখ কাঢ়ি নিব পাৰে ধঁপাতে। তিল তিলকৈ মৃত্যুৰ মুখত ঠেলিব পাৰে ধঁপাতে। এইবিধ সামগ্ৰী বা পদাৰ্থ শৰীৰৰ বাবে অতি ভয়াৱহ। কিয়নো ধঁপাতৰ বাবেই কোনো এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে। সেয়েহে প্ৰতিবছৰৰ ৩১ মে’ তাৰিখে ধঁপাতৰ বিপদ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱা উদ্দেশ্যৰে পালন কৰা হয় ধঁপাত বিৰোধী দিৱস।

নেশ্যনেল কেন্সাৰ ৰেজিষ্ট্ৰী অৱ ইণ্ডিয়া চমুকৈ এনচিআৰআইৰ ২০২০চনৰ ১৮ আগষ্টত প্ৰকাশ পোৱা এক সমীক্ষাত উল্লেখ কৰা হৈছিল যে, ভাৰতত কৰ্কট ৰোগত আক্ৰান্তৰ ভিতৰত ২৭ শতাংশ ধঁপাত সেৱনৰ বাবেই হয়। কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ আছে যদিও ভাৰতত সৰ্বাধিক হাৰত অৰ্থাৎ ১৯.৭ শতাংশ গেষ্ট্ৰ-ইনটেষ্টিনেল ট্ৰেক্ট কৰ্কট আৰু ১৪.৮ শতাংশ স্তন কৰ্কট ৰোগত আক্ৰান্ত হয়।

সমীক্ষা অনুসৰি, ২০২০চনৰ তুলনাত ২০২৫চনলৈকে ১২ শতাংশ কৰ্কট ৰোগত আক্ৰান্তৰ হাৰ বৃদ্ধি পাই ইয়াৰ সংখ্যা হ’বগৈ প্ৰায় ১৩৯২১৭৯। ২০২০ত দিল্লীত সৰ্বাধিক ৬০হাজাৰ লোক আক্ৰান্ত হয় কৰ্কট ৰোগত। তাৰপাছত ক্ৰমে মুম্বাইত ৫৩,৭১৪, চেন্নাইত ৩১,২৭১, বাংগালুৰুত ২৯,০৪৯ লোক কৰ্কটত ৰোগত আক্ৰান্ত হয়।

ইফালে, পুৰুষৰ ক্ষেত্ৰত হাওঁফাওঁ, মুখ, পেট আৰু খাদ্যনলীৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। তাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগ আটাইতকৈ বেছি। উক্ত বৰ্ষত মহিলাৰ কৰ্কট ৰোগৰ হাৰ সৰ্বাধিক আছিল অৰুণাচলপ্ৰদেশৰ পাপুম পাৰিত। তাৰপাছতে ক্ৰমে- আইজল, মিজোৰাম, কামৰূপ, বাংগালুৰু, দিল্লী, হায়দৰাবাদ আৰু চেন্নাইত মহিলা সৰ্বাধিক হাৰত কৰ্কট ৰোগত আক্ৰান্ত হয়। আনহাতে, হাওঁফাওঁ, মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে পেটৰ কৰ্কট ৰোগ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে, বিশ্ব ধঁপাত বিৰোধী দিৱস সমগ্ৰ বিশ্বতেই প্ৰতিবছৰে ৩১ মে’ তাৰিখে পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হ’ল ৩১ মে’ৰ দিনটোৰ ২৪ ঘণ্টা সময়ত যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা।

ধঁপাত সেৱনৰ ফলত প্ৰ্তিবছৰে পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয়। ইয়াৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে ১৯৮৭ চনত এই দিৱসটোৰ সৃষ্টি কৰিছিল আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে ৩১ মে’ তাৰিখে পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱসটি।

এই বিশেষ দিৱসটিৰ উদ্দেশ্য হৈছে ধঁপাতৰ বিপদ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱা। লগতে ইয়াৰ লক্ষ্য হৈছে ধঁ‌পাত সেৱনৰ ফলত হোৱা ৰোগ আৰু মৃত্যু হ্ৰাস কৰা। আৰু এইবৰ্ষৰ বিশ্ব ধঁপাত বিৰোধী দিৱসৰ বিষয়বস্তু হৈছে- ‘Protect the environment’ অৰ্থাৎ পৰিৱেশৰ সুৰক্ষা।

উল্লেখ কৰাৰ প্ৰয়োজন যে বিশ্বৰ আটাইতকৈ জনবসতিপূৰ্ণ দেশ চীন আছে চিগাৰেট উদ্যোগৰ শীৰ্ষ স্থানত। ২০১৪চনত বিশ্বৰ মুঠ চিগাৰেটৰ ৩০ শতাংশৰো অধিক চীনত উৎপাদন আৰু সেৱন কৰা হৈছিল। ধঁ‌পাতৰ ফলত হোৱা প্ৰায় ৮০% মৃত্যু নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত হয়।

তদুপৰি পৰোক্ষ ধূমপানৰ ধোঁৱাৰ ফলত বছৰত ৬ লক্ষাধিক লোকৰ মৃত্যু হয়। ভুক্তভোগীসকলৰ প্ৰায় ২৮% শিশু। গতিকে এই ধঁপাতৰ পাৰে মানে দূৰৈত থাকক আৰু নিজৰ লগতে নিজৰ পৰিয়ালকো সুখী ৰাখক। কিয়নো কোনোৱে নিবিচাৰে ধঁপাতৰ বাবে আপোন কোনো ব্যক্তিক হেৰুৱাবলৈ। নিবিচাৰে ধঁপাতৰ বাবে নষ্ট হওঁক এটা পৰিয়াল, এটা জীৱন তথা এটা প্ৰজন্ম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply