ৰাজৰ্ষি চহৰীয়া
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ বুলি কোৱা হয় গুৱাহাটী মহানগৰীক। বাণিজ্যিক কেন্দ্ৰ এইখন গুৱাহাটী। দেখিবলৈ অতিকৈ ধুনীয়া, নতুনকৈ নিৰ্মীয়মান বহু কেইখন উৰণীয়া সেঁতু, বহু কেইটা পৰ্যটনস্থলী, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ আগমন এই গুৱাহাটীলৈ, মহানগৰীৰ গাতে লাগি থকা এখন সুন্দৰ নদী, তাৰ মাজত পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ। কি যে নাই এইখন মহানগৰীত!
কিন্তু কেতিয়াবা ভাবি চাইছেনে নে এইখন মহানগৰীত বাস কৰা মহানগৰবাসীৰ সমস্যাৰ কথা? সমস্যাৰ শেষ নোহোৱা এখন মহানগৰী গুৱাহাটী। যিকোনো এখন ঠাইৰে ভাল আৰু বেয়া দুয়োটা থাকে। কিন্তু যেতিয়া সেই স্থান বা এলেকাত বাস কৰা জনসাধাৰণৰ সমস্যাবোৰ দিনকদিনে বৃদ্ধি পাই গৈ থাকে তেতিয়া কিন্তু এই প্ৰকাণ্ড প্ৰকাণ্ড শ্বপিং মল, উৰণীয়া সেঁতু, ফুট ব্ৰীজবোৰে কোনো ধৰণৰ সহায় নকৰে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত।

প্ৰতি ৫ বছৰৰ মূৰে মূৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় ৰাজ্যত। এখন নতুন চৰকাৰ গঠন হয়। ৰাইজে নিজৰ প্ৰতিনিধি তথা চৰকাৰ এখন বাচনি কৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি। নিৰ্বাচনৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দিয়া হয়। সকলোবোৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ ৰূপে পূৰণ কৰা বা নহয় সেয়া সকলোৱে জানে।
কিন্তু তাৰ মাজতে আমি এইটোও চাব লাগিব যে এখন ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যবাসীৰ সমস্যা সমাধানৰ বাবে কাম কৰিব লাগে। কেৱল এটা সমষ্টি বা এখন গাওঁ বা এখন চহৰ বা এখন মহানগৰৰ বাবেই কাম নকৰে ৰাজ্য চৰকাৰে।
তেনে সময়তে অসমৰ আন স্থান হওঁক বা গুৱাহাটী মহাগনৰীৰে কথা ধৰা হওঁক, সেই নিৰ্দিষ্ট এলেকা এটাৰ ৰাইজৰ বাবে ভৰসা হৈ পৰে পৌৰসভা নিগম। সন্মুখত গুৱাহাটী পৌৰ সভা নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ উঠিছে। ৱাৰ্ড অনুসৰি ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ তালিকা, আৰক্ষীৰ নিৰাপত্তা বেষ্টনী, ভোট গ্ৰহণ কেন্দ্ৰসমূহ, আৰু এই ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰিজাইডিং বিষয়াৰ লগতে প’লিং বিষয়াৰ প্ৰশিক্ষণ সকলোবোৰ প্ৰায় সম্পন্ন হৈ উঠিছে।
ৰাইজো সাজু হৈছে যে এইবাৰ আমি জিএমচি নিৰ্বাচনত যিসকলক ভোট দি বিজয়ী কৰিম তেওঁলোকে আমাৰ সমস্যাবোৰ দূৰ কৰিব। কি সমস্যা নাই মহানগৰবাসীৰ। হয়তো যিসকলে গুৱাহাটী মহানগৰীত বাস কৰে তেওঁলোকে ভালকৈ জানে যে, গুৱাহাটীখনত ভৈয়ামত বাস কৰা লোকৰ তুলনাত কিছু সংখ্যক হ’লেও বেছি লোকে বাস কৰে পাহাৰীয়া এলেকাত। কিয়নো মহানগৰীখন পাহাৰেৰে আৱৰি থকা।
মহানগৰবাসীৰ বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান, সুচল বাট-পথ, ষ্ট্ৰীট লাইটকে ধৰি বিভিন্ন ধৰণৰ সমস্যা আছে। কিন্তু বহু বছৰ বছৰ ধৰি পথবোৰ খান্দি পানীৰ পাইপ পুতি থকাই দেখিবলৈ পাইছে মহানগৰবাসীয়ে। হয়তো বহুতেই পাহৰিও গৈছে যে কিমান চনত কোনখন চৰকাৰে ২৪ ঘন্টাই মহানগৰবাসীয়ে বিশুদ্ধ খোৱাপানী পাব বুলি প্ৰতিশ্ৰুতি কৰিছিল।

তাৰপাছতো আশা এৰি দিয়া নাই ৰাইজে। এবাৰ পানীৰ পাইপবোৰ পুতি যোৱাৰ পাছত পথবোৰ পুনৰ নিৰ্মান কৰিবলৈ আকৌ বহু দিনৰ অপেক্ষা, আৰু সেই অপেক্ষাৰ মাজতে পথবোৰত ভীষণ যান-জঁটৰ সমস্যা।
যোৱা কেইবা মাহ ধৰি বন্ধ হৈ পৰি আছে মহানগৰীৰে এটা গুৰুত্বপূৰ্ণ পথ ভিআইপি ৰোডৰ ষ্ট্ৰীট লাইটসমূহ। প্ৰায়ে বাতৰিত দেখা যায় যে, সাতগাঁৱত নিশা পথ দুৰ্ঘটনা, চচলত ডকাইতি কাণ্ড বা পাথৰকুৱেৰীত হত্যাকাণ্ড।

পথবোৰত সন্ধিয়া আন্ধাৰ নামি অহাৰ লগে লগে এই ষ্ট্ৰীট লাইটসমূহ বন্ধ হৈ থকা আন্ধাৰৰ সুযোগ লৈও এনে অপৰাধ বা দুৰ্ঘটনাসমূহ সংঘটিত হোৱাৰ বহু কাৰণৰ ভিতৰৰে একো একোটা কাৰণ নহয়নে?
কেৱল ভিআইপি ৰোডৰে নহয়, ভিআইপি ৰোডৰ পৰা জু-ৰোডৰ দিশে আগবাঢ়িলে দেখিব যে মঠঘৰীয়াৰো কিছু আগলৈকে (বি জি তিনিআলি) থকা ষ্ট্ৰীট লাইট সমূহো নজ্বলে। তেন্তে সেইবোৰ ষ্ট্ৰীট লাইটৰ কাম কি? উল্লেখ্য যে, জিএমচি এক্ট ১৯৭১ অনুসৰি গুৱাহাটী মহানগৰীত ষ্ট্ৰীট লাইট আৰু ইয়াৰ মেৰামতিৰ দায়িত্ব আছিল গুৱাহাটী পৌৰ নিগমৰ। কিন্তু শেহতীয়াকৈ এই দায়িত্বৰ সৈতে জড়িত হৈ পৰে পি ডব্লিউ ডিও। gmc.assam.gov.inৰ অফিচিয়েল ৱেবছাইটত লিখা আছে এই তথ্য।

তেন্তে দুটাকৈ বিয়াগোম বিভাগ থকাৰ পাছতো কাৰ্যক্ষেত্ৰত সকলো কাম চোৱাচিতা কৰাত ব্যৰ্থ কিয় বিভাগ দুটা? প্ৰায় ১১ কিলোমিটাৰ এই পথচোৱাৰ এটাও ষ্ট্ৰীট লাইট নজ্বলে। আৰু মন কৰিবলগীয়া কথা এইটোৱে যে, চচলতে নিৰ্মাণ কৰা হৈছে নিৰ্ধাৰিত প্ৰতিবাদস্থলী। যিটো পথত প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে নিজৰ সমস্যাবোৰ জনাই এখন চৰকাৰক, সেই প্ৰতিবাদস্থলী যিটো পথৰ সৈতে লাগি আছে সেই পথটোতেই নজ্বলে এটাও ষ্ট্ৰীট লাইট।
নিশা হ’লে মহিলা বা যুৱতীয়ে ব্যক্তিগত বাহন বা ভাড়া দি হ’লেও বাহনবোৰ নাপালে খোজকাঢ়ি যাবলৈ ভয় কৰে এই পথটোৰে। নিজৰে দেশৰ , নিজৰে ৰাজ্যৰ, নিজৰে মহানগৰীৰ বেটীয়া অৰ্থাৎ যুৱতীসকলে যদি পথটো পাৰ হ’বলৈ শংকা কৰে বা ভয় কৰে তেন্তে এই ষ্ট্ৰীট লাইটৰ কাম কি?

তাৰ লগতে গুৱাহাটীবাসীৰ আন এক সমস্যা হৈছে কৃত্ৰিম বানপানী। এজাক বৰষুণ দিলেই মহানগৰীৰ বহু বাট-পথ বুৰ যায় লেতেৰা পানীৰ তলত। কৃত্ৰিম বানপানীৰ দৰে এক জলন্ত সমস্যাৰো সম্পূৰ্ণৰূপে আজি পৰ্যন্ত সমাধান নাপালে মহানগৰবাসীয়ে।

প্ৰায় প্ৰতিদিনাই বাতৰি কাকত, নিউজ চেনেল বা ডিজিটেল নিউজ মিডিয়াবোৰত পঢ়িবলৈ পোৱা যায় গুৱাহাটীবাসীৰ সমস্যা, দুখ-দুৰ্দৰ্শা। সেইবোৰ সমস্যাৰ বাবে এইবাৰ জিএমচিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত জয়যুক্ত প্ৰাৰ্থীসকলে সঁচাকৈ কাম কৰিবনে? নে আকৌ নিৰ্বাচনৰ পাছত পাহৰি যাব ৰাইজৰ সকলো সমস্যা? এই সমস্যা আমাৰ নহয়, এই সমস্যা সৰ্বসাধাৰণ ৰাইজৰ।
উল্লেখ্য যে, যোৱা মাহত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত (নিৰ্বাচন) ড০ ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নিৰ্বাচন বিষয়া শেখৰণ ফুকনে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাখন মুকলি কৰিছিল। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সংবাদমেলত ব্যক্ত কৰিছিল যে- খচৰা ভোটাৰ তালিকাতকৈ চূড়ান্ত তালিকাত ২১১২জন অধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ৬০টা ৱাৰ্ডত অনুষ্ঠিত হ’বলগীয়া এই পৌৰনিগম নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৯৭,৮০৭ জন। ইয়াৰে ৩,৯৭,১২৮ জন পুৰুষ ভোটাৰ, ৪,০০৬৫৪ জন মহিলা ভোটাৰ আৰু ২৬ জন তৃতীয় লিঙ্গৰ ভোটাৰ। আনহাতে, ভোটদান অনুষ্ঠিত কৰা হ’ব মুঠ ৭৮০ টা ভোটকেন্দ্ৰত।
এই প্ৰায় ৮ লাখ ভোটাৰ ৰাইজে কেইবা বছৰ ধৰি ওপৰত উল্লেখ কৰা সমস্যাবোৰৰ মাজতে নিজৰ জীৱন অতিবাহিত কৰি গৈছে। গতিকে এই ৮ লাখ লোকৰ সমস্যা সমাধান নিৰ্বাচনৰ পাছত হ’বনে নহয় সেয়াহে হ’ব লক্ষ্য কৰিবলগীয়া বিষয়। উল্লেখ কৰাৰ প্ৰয়োজন যে অহা ২২এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰসভা (GMC)ৰ নিৰ্বাচন। আৰু ২৪ এপ্ৰিলত এই নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব। সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে নিজৰ জয় সাব্যস্ত কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ সভা কৰাও পৰিলক্ষিত হৈছে।
তেওঁলোকে এতিয়া যেনেকৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজৰ মাজলৈ গৈ সকলো সমস্যাৰ বুজ লৈছে, নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পাছতো যেন ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ সমস্যাবোৰ দূৰ কৰাৰ বাবে কাম কৰি যায়। ৰাইজে কেৱল এইখিনিয়ে বিচাৰে। কোন দলৰ কোন প্ৰাৰ্থী কোন কোন সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া আজিৰ বিষয় নহয়। আজিৰ ”ইষ্টম’জ’ বিশেষ”ৰ বিষয় হৈছে মহানগৰবাসী আৰু তেওঁলোকৰ সমস্যা। আৰু তেওঁলোকৰ সমস্যা সমাধান কৰি মহানগৰখনৰ লগতে ৰাইজৰো উন্নতিৰ দায়িত্ব পৰিব নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলৰ কান্ধত। গতিকে প্ৰাৰ্থীসকলে গুৱাহাটীবাসীয়ে কি বিচাৰে সেই কথা বুজিব লাগিব।