এফালে ক’ভিড মহামাৰীয়ে বৰ্তমান সৃষ্টিৰ কৰা পৰিস্থিতি আৰু আনফালে দিনক-দিনে শাক-পাচলিৰ বৰ্ধিত মূল্য, এই দুয়োটাৰ ফলত এতিয়া সাধাৰণ লোকে বজাৰত গৈ শাক-পাচলি কিনিবলৈ যথেষ্ট ভাবিব লগীয়া হয়। কিন্তু আপুনি হয়টো জানি আনন্দিত হ’ব যে এনে বহু শাক-পাচলি আছে যাক আমি কাটি পেলাই দিয়া অংশৰ পৰা পুনৰ গজাব পাৰো।

তলত এনে কেতবোৰ পাচলিৰ বিষয়ে উল্লেখ কৰা হৈছে :

আলুগুটি

আলুৰ বাকলিৰ পৰা আমি পুনৰ ইয়াক গজাব পাৰো। গজালি ওলোৱা আলুৰ বাকলি বিলাক ২ ইন্সিকৈ কাটি লওক, যাতে প্ৰত্যেকটো টুকুৰাত দুটা বা তিনিটা গজালি থাকে। ৰাতিটো বাকলি বিলাক শুকাবলৈ দি পিছদিনা মাটিত পুতি দিয়ক, মন কৰিব গজালি বিলাকৰ আগটো বাহিৰলৈ ওলাই থাকে। দুই-তিনি সপ্তাহৰ পিছত আপুনি আলুৰ পুলি বাঢ়ি অহা দেখিব।

পিয়াঁজ

প্ৰায় আধা ইন্সি মান জোখত পিয়াঁজৰ গুৰিটো কাটি ৰাখক, পাত্ৰ এটাত মাটিৰে পাতলকৈ ঢাকি তাক ৰ’দ পৰা ঠাইত থৈ দিয়ক।

বন্ধা কবি আৰু লেটুচ 

এটা সৰু বৈয়ামত অলপ পানি দি তাত বন্ধাকবি বা লেটুচৰ পাতবিলাক ভৰাই ৰাখক। পাত্ৰটো ৰ’দ পৰা ঠাইত থৈ দিয়ক, সপ্তাহটোত মাজে মাজে পাতবিলাকত পানী ছটিয়াই থাকিব। ৩-৪ দিনৰ পিছত পাতবিলাকৰ পৰা নতুন শিপা পোখা মেলা দেখিব। এতিয়া আপুনি তাক মাটিত ৰোপণ কৰিব পাৰে।

লগতে পঢ়ক : কোৰোনা পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত

আদা

এটা সৰু আদাৰ টুকুৰা তাৰ কলিটো ওলাই থকাকৈ গুড়ি কৰা মাটিত পুতি ৰাখক। এটা সপ্তাহৰ পিছত আপুনি তাৰ পৰা নতুন শিপা পোখা মেলা দেখিব। নতুনকৈ পোখা মেলা আদাৰ প্ৰকন্দৰ সৰু অংশ এটা ৰাখি থ’ব যাতে পিছত লাগিলে আকৌ ৰোব পাৰে।  

নহৰু

মাত্ৰ এফুটা নহৰুৰ পৰাই সৰুকৈ নহৰু খেতি কৰিব পাৰি। গুড়ি কৰা মাটিত নহৰুৰ ফুটাটো পুতি দিয়ক। নহৰুক যথেষ্ট ৰ’দ দৰকাৰ হয়। পোখা মেলিলে সেই বিলাকএবাৰ কাটি দিব, তেতিয়া নহৰু জোপাত কন্দ মেলা আৰম্ভ কৰিব, উক্ত কন্দটোৰ এটা অংশ এৰাই নি আপুনি তাক পুনৰ ৰোব পাৰে।

বিলাহী

বিলাহীৰ গুটিবিলাক পেলাই নিদি সেইবিলাক ধুই ৰ’দত শুকুৱাই লওক। ভালদৰে গুড়ি কৰা মাটিত গুটিবোৰ পুতি দিয়ক, কেইদিন মানৰ পিছত তাৰ পৰা পোখা মেলিব। অলপ ডাঙৰ হোৱাৰ পিছত পুলি বিলাক বাহিৰত ৰোব পাৰে। ঠাণ্ডা দিনত আপুনি ভিতৰতে বিলাহী ৰোব পাৰে, মাত্ৰ মন কৰিব যাতে ভালদৰে ৰ’দ পৰা ঠাইত ৰাখে আৰু সপ্তাহত মাজে মাজে পানী দি থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply