নিউজ ডেস্ক : আমাৰ সকলোৰে বাবে গৰমৰ দিনকেইটা বৰ অস্যচকৰ। ঘামৰ ফলত হোৱা দেহৰ দুৰ্গন্ধৰ পৰা আৰম্ভ কৰি এনে দিনত আমি খুব ভাগৰুৱা অনুভৱ কৰাৰ লগতে আন সময়ৰ দৰে শৰীৰত সতেজতা নাথাকে।   

এনে দিনবিলাকত আমি নিতৌ যথেষ্ট পানী খোৱাৰ লগতে বৰতৰৰ বিভিন্ন ধৰণৰ ফল-মূল খোৱা উচিত। সেয়ে গৰমকালি শৰীৰটোক সতেজ কৰি ৰাখিবলৈ আপোনালোকৰ বাবে লৈ আনিছো সহজতে পোৱা কেইবিধমান খাদ্যৰ এখন তালিকা।

তৰমুজ

তৰমুজ এবিধ অতি উপকাৰী ফল। ই আমাৰ দেহত গৰমকালি কমি যোৱা পানীৰ পৰিমাণ সন্তুলিত কৰি ৰখাত সহায় কৰে।  তৰমুজত ৯১.৪৫ শতাংশ পানী থাকে, যাৰ ফলত ই আমাৰ শৰীৰটোক সতেজ কৰি ৰাখে।

তিঁয়হ

শৰীৰটোক শিতল কৰি ৰখা আন এবিধ গ্ৰীষ্মকালীন ফল হৈ তিঁয়হ। সকলো ঠাইতে উপলব্ধ এই পাছলি বিধে আমাৰ শৰীৰটোক শিতল কৰি ৰখাৰ লগতে ভাগৰুৱা ভাৱ দূৰ কৰে। শৰীৰৰ ওজন কমাব খোজা লোকসকলে নিয়মীয়াকৈ তিঁয়হ খালে ভাল ফল লাভ কৰিব। ইয়াৰ উপৰি নিয়মীয়াকৈ তিয়ঁহ খালে ব্লাড প্ৰেছাৰ লগতে ডায়েবেটিজ নিয়ন্ত্ৰণত থাকে।

দৈ

দৈ আমাৰ এক পৰিচিত খাদ্য। গমৰ দিনত ই আমাৰ শৰীৰক শিতল কৰি ৰাখে। বজাৰত বিভিন্ন কোম্পানীৰ দৈ পোৱা যায় যদিও ঘৰুৱা দৈ খোৱাটো শৰীৰৰ বাবে বেছি স্বাস্থ্যকৰ। গৰমৰ দিনত তিঁয়হ, বিলাহী আদিৰে দৈৰ ৰাইটা তৈয়াৰ কৰাৰ লগতে মলাই দৈৰে তৈয়াৰ কৰা লাচ্চি আদি খাই আমি দেহটোক শিতল কৰি ৰাখিব পাৰো।

নাৰিকলৰ পানী

নাৰিকলৰ পানী শৰীৰৰ কাৰণে বহুত উপযোগী৷ নাৰিকলৰ পানীয়ে আমাৰ শৰীৰক শিতল আৰু সতেজ কৰি ৰখাৰ লগতে আমাৰ শৰীৰৰ ছাল ছুলিৰ কাৰণে ই অত্যন্ত উপযোগী। ইয়াৰ উপৰি দৈনিক নাৰিকলৰ পানী খোৱা কৰিলে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰিব পাৰি।

নেমু চৰবত

আমাৰ সকলোৰে প্ৰিয় এবিধ ফল হৈছে নেমুটেঙা। বিশেষকৈ গৰমৰ দিন ই এবিধ নহ’লেই নোহোৱা ধৰণৰ ফল। ভিটামিন চিৰ উৎকৃষ্ট উৎস নেমুটেঙাত ৬৪ শতাংশ ভিটামিন চি পোৱা যায়। গৰমৰ দিনত নেমুৰ চৰবত এগিলাচৰ প্ৰয়োজন নিশ্চয় সকলোৱেই অনুভৱ কৰে। ই আমাৰ শৰীৰটোক শিতল আৰু সতেজ কৰি ৰাখে।

লগতে পঢ়ক : এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক বিজয়ী খেলুৱৈকো দিব চৰকাৰী চাকৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply