গুৱাহাটী : ব্রিয়ানী খাই লাভ কৰিব পাৰিব বুলেট। ব্রিয়ানী খাই এঘণ্টাৰ ভিতৰত এখন বুলেট লাভ কৰিব পাৰিব আপুনি। আপোনালৈ এই সুযোগ আগবঢ়াইছে ‘দা ব্রিয়ানী কিংডম’। বিশেষ মচলাৰে ব্রিয়ানী প্ৰস্তুত কৰা উত্তৰ পূবৰ প্ৰথমখন ব্রিয়ানীৰ ৰেষ্টুৰেণ্টৰ ‘দা ব্রিয়ানী কিংডম’।

শুকুৰবাৰে গুৱাহাটী মহানগৰীত মুকলি কৰা হয় ‘দা ব্রিয়ানী কিংডম’ নামৰ এখন ব্রিয়ানীৰ ৰেষ্টুৰেণ্ট। ‘দা ব্রিয়ানী কিংডম’ত আপুনি খাবলৈ পাব বিভিন্ন প্ৰকাৰৰ ব্রিয়ানী। ব্রিয়ানীৰ বাবে হায়দ্ৰাবাদ বিখ্যাত যদিও ‘দা ব্রিয়ানী কিংডম’ৰ ব্রিয়ানীত আপুনি পাব এক সুকীয়া স্বাদ। অসমৰ বিশেষ মচলাৰে ব্রিয়ানী প্ৰস্তুত কৰা উত্তৰ পূৱৰ একমাত্ৰ ব্রিয়ানী ৰেষ্টুৰেণ্ট হৈছে ‘দা ব্রিয়ানী কিংডম’।

লাষ্ট গেটত ডাউন টাউন হাস্পতালৰ ২ নং গেটৰ সন্মুখত মুকলি কৰা ‘দা ব্রিয়ানী কিংডম’ত খাদ্যপ্ৰেমী ৰাইজৰ বাবে আছে কেইবাটাও বিশেষ সুবিধা। ‘দা ব্রিয়ানী কিংডম’ত আছে ব্রিয়ানীৰ এক বিশেষ থালি। ব্রিয়ানী এই বিশেষ খালি খাই আপুনি শেষ কৰিব পাৰিলে আপুনি লাভ কৰিব এখন বুলেট। ব্রিয়ানীৰ বুলেট থালি খাই লাভ কৰিব পাৰিব ৩৫০ ক্লাছিক বুলেট।

লগতে পঢ়ক :  নগাঁৱৰ কচুৱাত সুদ খোৰৰ তাণ্ডৱ, সুদ খোৰৰ বিৰুদ্ধে থানাত গোচৰ

বুলেট খালি লগতে ‘দা ব্রিয়ানী কিংডম’ত খাদ্যপ্ৰেমী ৰাইজৰ বাবে আছে ৰাৱণ থালি। ৮৯৯ টকাৰ এই ৰাৱণ থালিত আপোনলৈ আগবঢ়োৱা হব অন্য এক বিশেষ সুবিধা। ৮৯৯ টকাত ৰাৱণ থালি লৈ আপুনি যিমান পাৰে ‘দা ব্রিয়ানী কিংডম’ত ব্রিয়ানী খাব পাৰে। বুলেট থালি আৰু ৰাৱণ থালি খাই শেষ কৰাটো আপোনাৰ বাবে সম্ভৱ নহয় যদিও আপুনি স্বাদ ল’ব পাৰে ‘দা ব্রিয়ানী কিংডম’ত ব্রিয়ানী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply