গুৱাহাটী- গৰমৰ দিনত সকলোৱে ঠাণ্ডাজাতীয় বস্তু খাই ভাল পায়। বৰ্তমান সময়ত শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে প্ৰিয় হৈছে আইচক্ৰীম। আচলতে প্রচন্ড গৰমৰ বতৰত আইচক্ৰীম শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৰে প্ৰিয় হৈ পৰে। আইচক্ৰীমে ব্যক্তিৰ শৰীৰ শীতল কৰি ৰাখে আৰু গৰমত খন্তেকীয়া সকাহ পোৱা যায়। সকলো ব্যক্তিৰে যিকোনো বাহিৰা বস্তু খোৱাৰ পাছতে পানী পিয়াহ লাগে। কিন্তু আইচক্ৰীম খোৱাৰ পাছত পানী খোৱাটো কিমান শুদ্ধ জানো আহক-

আইচক্ৰীম খোৱাৰ পাছত পানী পিয়াহ লগাৰ কাৰণটো হৈছে আইচক্ৰীমত চেনি আৰু ছডিয়াম দুয়োটা থাকে। ব্যক্তিয়ে আইচক্ৰীম খোৱাৰ পিছত তেজত ছডিয়াম আৰু চেনি দুয়োটা মিহলি হৈ পৰে। যেতিয়া চেনি আমাৰ তেজত প্ৰৱেশ কৰে তেতিয়া ই সমগ্ৰ শৰীৰত বিয়পি পৰে। ইয়াৰ পিছত ই আমাৰ শৰীৰৰ কোষৰ পৰা পানী চুহিবলৈ আৰম্ভ কৰে। তেতিয়াই আমাৰ শৰীৰত পানীৰ প্ৰয়োজন হয় আৰু আমাৰ পিয়াহ লাগে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে আইচক্ৰীম খাই লগে লগে পানী খালে ডিঙিৰ বিষ আৰু দাঁতৰ সমস্যা হ’ব পাৰে। সেইবাবেই আইচক্ৰীম খাই প্রায় ১৫ মিনিট মান পিছতহে পানী খাব লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply