নিউজ ডেস্ক: ৰাজ্যত তিনিটা পর্যায়ত হ’বলগীয়া ভোটগ্রহণৰ পূর্বে পুনৰ অসমলৈ আহিছে ভাৰতৰ নির্বাচন আয়োগৰ দল ৷ মুখ্য নির্বাচন আয়ুক্ত সুনীল অ’ৰোৰাৰ অধ্যক্ষতাত তেজপুৰত নির্বাচন আয়োগে এক উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়৷

বৈঠকত মুখ্য নির্বাচন আয়ুক্ত সুনিল অ’ৰোৰা, নির্বাচন আয়ুক্তদ্বয় সুশীল চন্দ্রা আৰু ৰাজীৱ কুমাৰৰ লগতে জ্যেষ্ঠ উপ–নির্বাচন আয়ুক্ত তথা অসমৰ তত্ত্বাৱধায়ক ধর্মেন্দ্র শর্মা, উপ–নির্বায়ন আয়ুক্ত সুদীপ জৈন, বিশেষ সাধাৰণ পর্যৱেক্ষক এছ শ্রীনিৱাসন, বিশেষ আৰক্ষী পর্যৱেক্ষক অশোক কুমাৰ, বিশেষ ব্যয় পর্যৱেক্ষক নীনা নিগম, অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাৰে, ৰাজ্যিক আৰক্ষী ন’ডেল বিষয়া দীপক কেডিয়াৰ লগতে উত্তৰ আৰু উজনি অসম সংমণ্ডলৰ আয়ুক্ত শীর্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত প্রধানতঃ প্রথম আৰু দ্বিতীয় পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া জিলাসমূহৰ উপায়ুক্ত–আৰক্ষী অধীক্ষকসকলৰে নির্বাচনী প্রস্তুতিৰ পর্যালোচনা কৰা হয়৷

প্রথম পর্যায়ত অহা ২৭ মার্চত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া ৪৭টা বিধানসভা সমষ্টিৰ ১২খন জিলাৰ উপায়ুক্ত আৰু ১৩খন আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষকসকল বৈঠকত প্রত্যক্ষভাৱে উপস্থিত থকাৰ বিপৰীতে ১ এপ্রিলত দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাকেইখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ পৰা আয়োগে ভার্চুৱেলী পৰিস্থিতিৰ বুজ লয়৷ মুখ্য নির্বাচন আয়ুক্ত অৰোৰাই ভোটগ্রহণ যাতে শান্তিপূর্ণ, মুক্ত, নিকা আৰু সুৰক্ষিতভাৱে সম্পন্ন হয় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সংশ্লিষ্টসকললৈ নির্দেশ দিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply