নিউজ ডেস্ক: ৰাজ্যৰ শিক্ষা বিভাগত চলি থকা দুৰ্নীতিয়ে চকু কপালত তুলিছে সৰ্বসাধাৰনৰ । ভুৱা টেট শিক্ষক নিযুক্তিৰ তথ্য ফাদিল হোৱাৰ পিছত এইবাৰ শিক্ষা বিভাগত সংঘটিত হৈছে শিক্ষকৰ দৰ্মহা কেলেংকাৰী । যি সময়ত নিবনুৱা সমস্যাই ৰাজ্যত ভয়াবহ ৰূপ লৈছে সেই সময়ত এচামে এজনেই দুটাকৈ চাকৰি কৰি দৰমহা লোৱাৰ তথ্য পোহৰলৈ আহিছে ।
শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ২০১০ চনত নিযুক্তি পোৱা ৮৫০০ ঠিকাভিত্তিক শিক্ষকৰ ভিতৰত পৰবৰ্তী সময়ত ৪৯৭০ গৰাকীহে শিক্ষকতা অব্যাহত ৰাখে ।
যোৱা আগষ্ট মাহৰ পৰা সকলো ঠিকা ভিত্তিক শিক্ষকৰ দৰমহা বেংকৰ জৰিয়তে আদায় দিয়াৰ সময়তে ৭৪ গৰাকীয়ে দুটাকৈ দৰমহা লৈ থকা বিষয়টো পোহৰলৈ আহে । দুটা কোষাগাৰৰ পৰা দুটা দৰমহা সোমোৱা বিষয়টো পোহৰলৈ আহে ।
লগতে পঢ়ক- সন্ধানহীন মৃদুপৱনক বিচাৰি লুকআউট নটিছ
প্ৰাথমিক ভাবে বিষয়টো অনুসন্ধান কৰি দেখা পাইছে এই ৭৪ গৰাকী ব্যক্তিয়ে শিক্ষকতাৰ লগতে আন বিভাগতো মকৰল হৈছে । আন এচামে চাকৰিটো বাদ দিছে যদিও বিভাগক কোনো ধৰনৰ লিখিত তথ্য দিয়া নাই ।
বিদ্যালয়সমূহ পৰিদৰ্শকৰ ভুলৰ বাবেই এনে ঘটনা হবলৈ পাইছে বুলি বিভাগীয় প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে । পৰিদৰ্শকসকলক ৭ দিনৰ সময়সীমা বান্ধি জাননী দিছে যদিও শিক্ষা বিভাগটো কেনেদৰে চলি আছে তাৰ ছবি এই ঘটনাই পোহৰলৈ আনিছে ।