গুৱাহাটী- ক’ভিড সংক্ৰমণৰ বাবে হোৱা লকডাউনৰ বাবে ১ মার্চৰ পৰা যোৱা নৱেম্বৰ পর্যন্ত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছিল। পৰৱর্তী সময়ত অনলাইনযোগে পাঠদান আৰম্ভ কৰা হৈছিল যদিও সুবিধাৰ অভাৱত বহু শিক্ষার্থীয়ে এই অনলাইন শ্রেণীত পাঠদান গ্রহণ কৰিব পৰা নাছিল৷ ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ পিছত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰা হয় যদিও শিক্ষার্থীৰ উপস্থিতি বাধ্যতামূলক কৰা নাছিল৷ তদুপৰি বিদ্যালয়ত অভিভাৱকৰ সন্মতিসাপেক্ষেহে শিক্ষার্থীৰ উপস্থিতি নিশ্চিত কৰা হৈছিল ৷ সেয়েহে ৰাজ্যৰ শিক্ষার্থীসকলৰ যাতে শৈক্ষিক বর্ষৰ লোকচান নহয়, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিলে বিশেষ নিৰ্দেশনা।
এই নিৰ্দেশনা অনুসৰি বছৰেকীয়া পৰীক্ষা বিদ্যালয়সমূহে অনুষ্ঠিত কৰাটো বাধ্যতামূলক নহ’ব ৷ বছৰেকীয়া পৰীক্ষাত অৱতীর্ণ নহ’লেও পৰৱর্তী শ্রেণীলৈ শিক্ষার্থীসকলক উন্নীত কৰাৰ লগতে বিদ্যালয়সমূহে অহা ১ এপ্রিলৰ পৰা নতুন শিক্ষাবর্ষৰ পাঠদান আৰু অন্যান্য কাম–কাজ আৰম্ভ কৰিব লাগিব৷ শিক্ষা বিভাগে প্রথমৰ পৰা নৱম শ্রেণীলৈ বছৰেকীয়া পৰীক্ষাৰ ক্ষেত্রত এই বিশেষ সিদ্ধান্ত গ্রহণ কৰিছে৷
এই নিৰ্দেশনা ৰাজ্যৰ ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্রতো প্রযোজ্য হ’ব বুলি শিক্ষা বিভাগে জনাইছে। অৱশ্যে যিসমূহ বিদ্যালয়ে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে, সেইসমূহ শৈক্ষিক প্রতিষ্ঠানে অহা মার্চ মাহৰ প্রথম সপ্তাহত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব ৷