মঙলদৈঃ সোমবাৰৰ পৰা পৰি থকা নেৰানেপেৰা বৰষুণ জাকৰ ফলত ৰাজ্যখনৰ লগতে দৰং জিলাবাসীয়ো বানপানী আৰু কৃত্ৰিম বানপানীৰ কবলত পৰিছে। বৰষুণৰ পৰিমাণ বেছি হোৱাত কৃত্ৰিম বান পৰিস্থিতি অধিক ভয়াবহৰ ফালে গতি কৰিছে।

সেয়েহে জিলা প্ৰশাসনে তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে জিলাখনৰ সকলো বিদ্যালয় ১৬জুনৰ পৰা ১৯ জুন২০২২ তাৰিখলৈ বন্ধ ঘোষণা কৰিছে। লগতে কোনো প্ৰয়োজন নোহোৱাকৈ ৰাইজক ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply