নিউজ ডেস্কঃ শুক্ৰবাৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে লামডিঙত উপস্থিত হৈ ঘোষণা কৰে যে, অসমত ৪,৩০০ বিদ্যালয়ৰ নৱনিৰ্মাণ কৰা হ’ব । লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, নৱনিৰ্মাণ মানে কিছুমান ভৱন নতুনকৈ নিৰ্মাণ আৰু কিছুমান উন্নীতকৰণ কৰা হ’ব। লগতে, চাহ বাগান অঞ্চলত নতুনকৈ বিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলি ভাষণৰ জৰিয়েতে জনাই।
নগৰ অঞ্চলৰ শিক্ষক গাওঁ অঞ্চলৰ বিদ্যালয়লৈ যাব নিবিচৰা বিষয়টো পৰীক্ষাৰ পিছতেই সকলো সমাধান কৰা হ’ব বুলি শিক্ষা মন্ত্ৰী গৰাকীয়ে জনাই।
লগতে অনাগত দিন ৰাজ্যৰ আৰু কোনো বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ পৰিকল্পনা নাই বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে জানিব দিয়ে।
উল্লেখযোগ্য যে, চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ব্যক্তিগত টিউচন কৰাটো তেওঁলোকৰ ব্যক্তিগত কথা বুলি কয় যদিও বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবই লাগিব মন্ত্ৰী ৰণোজ পেগুৱে কয়।