নিউজ ডেস্কঃ যোৰহাট চহৰৰ মাজমজিয়াত দিনদুপৰতে সংঘটিত হোৱা উদণ্ড লোকৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ দেৰগাঁৱৰ খকন্দগুৰিৰ বাসগৃহত পুৱাই ৰাজ্য়ৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে যোৰহাট জিলাৰ উপায়ুক্ত অশোক বৰ্মন উপস্থিত হৈ প্ৰয়াত অনিমেষলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাইয়ো এই ঘটনা সন্দৰ্ভত গভীৰ দুখ প্ৰকাশ কৰি পৰিয়ালৰ লোকলৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্রী গৰাকীয়ে কয় যে এই ঘটনাত জড়িত থকা বুলি চিনাক্ত কৰাসকলক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে ৷ আমাৰ চৰকাৰৰ হৈ সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছে আৰু অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ এই কৰুণ সময়ত ঘটনাত নিহত অনিমেষ ভূঞাৰ পৰিয়ালক আমাৰ চৰকাৰৰ তৰফৰ পৰা অত্যন্ত বিনম্ৰতাৰে ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰা হ’ব৷
লগতে পঢ়কঃচৰকাৰৰ বিফলতাৰ বাবেই বৃদ্ধি পাইছে গণ প্ৰহাৰৰ ঘটনা : ডঃ দিব্যজ্যোতি শইকীয়া
১৫ দিনৰ ভিতৰত ঘটনাটোৰ অভিযোগনামা দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক নিৰ্দেশ দিয়াৰ লগতে ভুক্তভোগীয়ে যাতে শীঘ্ৰে ন্যায় লাভ কৰে তাৰ বাবে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ বিচাৰ কৰা হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে। লগতে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া ব্যক্তিগতভাৱে তদাৰক কৰি এমাহৰ ভিতৰত দোষীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।