যোৱাকালি ডিমাহাচাও জিলাৰ হাফলংৰ পৰা গুৱাহাটী অভিমুখে কাঞ্চনজংঘা এক্সপ্ৰেছত সাধাৰণ ৰে’ল যাত্ৰীৰ ৰূপত দেখা গ’ল অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক।
অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে লামডিং ৰে’লৱে জংচনত কিছু সময় উপস্থিত হৈ শীঘ্ৰে অসমৰ শিক্ষানুষ্ঠানসমূহলৈ ভাল খবৰ আহিব বুলি মন্তব্য কৰে।
তেওঁ কয় যে, ৰাজ্যত ৪ হাজাৰ ৩০০ বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰা হ’ব। তেওঁ বাজেটত বহু কেইখন বিদ্যালয়ক অত্যাধুনিক সা-সুবিধাৰে উন্নতিকৰন কৰাৰ সিদ্ধান্ত লোৱাৰ ইংগিত প্ৰদানো কৰে৷
আনহাতে, আগন্তুক দিনত চাহ বাগান অঞ্চলসমূহত নতুনকৈ বিদ্যালয় স্থাপন কৰাৰ কথাও ঘোষণা কৰে।
তেওঁ কয় যে, তিনি বছৰৰ পৰাই শিশুক ব্যক্তিগত বিদ্যালয়ৰ দৰে অংকুৰ, মুকুল আৰু কাননৰ জৰিয়তে পাঠদান দিয়া হ’ব৷ অংগনবাড়ী কেন্দ্ৰসমূহত চলিত বছৰৰ পৰাই পাঠদান আৰম্ভ হ’ব।
লগতে তেওঁ কয় যে, ২০১৭ চনৰ শিক্ষাখণ্ডৰ আইন অনুসৰি অসমৰ সকলো বিদ্যালয়কে প্ৰাদেশীকৰণ কৰা হৈছে। সেয়হে আগন্তুক দিনত আৰু বিদ্যালয়ক প্ৰাদেশীকৰণ কৰাৰ কোনো পৰিকল্পনা নাই ৷
আনহাতে, অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে কয়, শিক্ষা বিভাগৰ বাবে এটা ডাঙৰ সমস্যা হৈছে নগৰ অঞ্চলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে গ্ৰামাঞ্চললৈ যাব নিবিচাৰে। অৱশ্যে অতি শীঘ্ৰেই এই সমস্যাৰ সমাধান কৰা হ’ব বুলিও উল্লেখ কৰে।
লগতে তেওঁ উল্লেখ কৰে যে, বিদ্যালয়সমূহত নিৰ্দিষ্ট সময়ত শিক্ষা দান কৰাৰ পাছত শিক্ষক-শিক্ষয়িত্ৰীসকলে কি কৰে সেয়া তেওঁলোকৰ ব্যক্তিগত কথা যদিও বিদ্যাল়য়ত নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব বুলিও মন্তব্য কৰে।
আনহাতে বহু চৰ্চিত গুৱাহাটীৰ বন্দনা কলিতাৰ হত্যা কাণ্ড, ড্ৰাগছ সৰবৰাহ আদিৰ সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ইফালে পৰীক্ষা চলি থকা সময়তে শিক্ষাৰ্থীসকলৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্ৰী জনে শুভেচ্ছা বাৰ্তা প্ৰেৰন কৰে আৰু শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ছোৱাত কোনো ধৰণৰ মানসিক চিন্তা লোৱাৰ প্ৰয়োজন নাই বুলি কয়।
ডাঃ ৰনোজ পেগুৱে আগতেও ৰে’ল যাত্ৰা কৰাৰ কথা উল্লেখ কৰি ৰে’ল যাত্ৰা কৰি তেওঁ ভাল পায় বুলিও মন্তব্য কৰে।
আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে সকলোকে ধন্যবাদ জনাই পুনৰ যাত্ৰা আৰম্ভ কৰে।