গুৱাহাটী: অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানবোৰ খুলিবৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ ।
আৰম্ভনিতে চূড়ান্ত পৰীক্ষাত বহিবলগীয়া ছাত্ৰ ছাত্ৰী সকলৰ শ্ৰেণী সমূহ খোলাৰ বাবে সিদ্ধান্ত লৈছে ।
সদৌ অসম ছাত্ৰ সন্থা, জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি,অসম আৰু আন আন জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে ৰাজ্যৰ শিক্ষাখণ্ডৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এক আলোচনাত মিলিত হয়
শিক্ষামন্ত্ৰী ৰণোজ পেগু ।
এই সভাতে শিক্ষামন্ত্ৰীয়ে ১ ছেপ্টেম্বৰত শিক্ষানুষ্ঠান মুকলিক লৈ সুকীয়া SOP নিদিয়ে শিক্ষা বিভাগে বুলি অবগত কৰে ।
স্বাস্থ্য বিভাগে জাৰি কৰিবলগীয়া SOP মানি চলিব শিক্ষা বিভাগে ।
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ নামভৰ্তিক লৈ সামগ্ৰিকভাৱে আসনৰ নাটনি হোৱা নাই জনালে শিক্ষামন্ত্ৰীয়ে ।
শিক্ষামন্ত্ৰীক আছুসহ ৩০টা সংগঠনৰ ১৮ টা বিষয়ত ৬০টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে ।
পৰবৰ্তী সময়ত চৰকাৰে জনাব এই সম্পৰ্কে ।
লগতে পঢ়ক নাইজেৰিয়ান ড্ৰাগছ মাফিয়াৰ পৰা বিশাল চৌধুৰীয়ে সংগ্ৰহ কৰিছিল কোকেইন