ৰাজ্য চৰকাৰে এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই কেইটা বিষয়ৰ ওপৰত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হ’ব। সকলো বিষয়ৰ ওপৰতে ছাত্ৰ ছাত্ৰী সকলক নিজৰ নিজৰ প্ৰস্তুতি চলাই থাকিবলৈ আহ্বান জনাইছে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে। আজি মৰিগাঁৱত উপস্থিত হৈ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে মৰিগাওঁ আৱৰ্ত ভৱনত এখন সংবাদ মেল সম্বোধন কৰি কয়, “ভাৰতবৰ্ষ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সৈতে সকলো ৰাজ্যৰ শিক্ষা মন্ত্ৰী সকলৰ এখন ভিডিঅ কনফাৰেন্স অনুষ্ঠিত হয়।
ভিডিঅ কনফাৰেন্সৰ মূল বিষয় ২ টা আছিল। এটা হ’ল জেইই আৰু নিট এই পৰীক্ষা অনুষ্ঠিত কৰা আনটো হৈছে চি বি এছ ইৰ অধীনত ১২+ পৰীক্ষা অনুষ্ঠিত কৰা।” লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে কয় , “ইতিমধ্যে আমি ৰাজ্য চৰকাৰে ৰাজ্য চৰকাৰৰ অধীনস্থ মেট্ৰিক আৰু হাইয়াৰ চেকণ্ডাৰী পৰীক্ষাৰ ক্ষেত্রত স্পষ্ট কৰি আহিছো যে দুয়োটা পৰীক্ষা অনুষ্ঠিত হ’ব। ক’ভিডৰ জটিল পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে পৰীক্ষাৰ মডেলিটি অলপ সলনি হব পাৰে। কিন্তু আমি নিদিষ্ট ভাবে নিৰ্ণয় কৰা নাই। বিভিন্ন ধৰণৰ প্ৰস্তাৱ আহিছে,সেই প্ৰস্তাৱ সমূহক আমি বিবেচনা কৰি আছোঁ।
লগতে পঢ়ক “সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰই গো পালকৰ গাখীৰ লোৱা বন্ধ কৰিলে
বুদ্ধিজীৱী সকলৰ লগতো আলোচনা কৰি থকাৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় “ঠিক একেই লাইনত ভাৰতবৰ্ষত যিটো চি বি এছ ই পৰীক্ষা অনুষ্ঠিত হয়,সেই চি বি এছ ই পৰীক্ষাৰ কি মডেলিটি হ’ব,পৰীক্ষা অনুষ্ঠিত হব নে নহয় সেই কথাখিনি ওপৰত আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰে এটা কথা স্পষ্ট কৰি দিছে যে চি বি এছ ই পৰীক্ষা অনুষ্ঠিত হব।
পৰীক্ষা হোৱাটো সুনিশ্চিত। পৰীক্ষা জুন মাহত অনুষ্ঠিত হোৱা সম্ভাৱনা নাই। জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এটা প্ৰস্তাৱহে ৰখা হৈছে,সিদ্ধান্ত নহয়। এই প্ৰস্তাৱ মৰ্মে অহা ৫ ছেপ্টেম্বৰৰ ভিতৰত সকলোবোৰ পৰীক্ষা প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ ৰখা হৈছে। অহা ২-৩ দিনৰ ভিতৰত ভাৰত চৰকাৰে এই প্ৰস্তাৱ চুড়ান্ত কৰিব।”
শিক্ষামন্ত্ৰী গৰাকীয়ে লগতে কয়, “চিবিএছচি পৰীক্ষা যি ধৰণে পাতিব আমিও সেই ধৰণে পৰীক্ষা পাতিম। মাৰ্কিংৰ ফৰ্মূলাটো একেই হব। পৰীক্ষা অনুষ্ঠিত হব। চি বি এছ ই পৰীক্ষাও হ’ব আৰু আমাৰ চেকেণ্ডাৰী পৰীক্ষাও হব। দুয়োটা মডেলিটিৰ ক্ষেত্রত মিল থাকিব। গতিকে ভৱিষ্যতে কোনো অসুবিধা সৃষ্টি নহয়।প্ৰতিযোগিতা মূলক পৰীক্ষা সমূহৰ ক্ষেত্রত যাতে কোনো ধৰণৰ সমস্যাত পৰিব লগা নহয় তাৰ প্ৰতিও চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব।”
লগতে পঢ়ক বশিষ্ঠ শ্মশান পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই