শিক্ষা বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক আজি জনতা ভৱনত অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গ।
সভাত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাব লোৱা হয় । এই সমূহৰ ভিতৰত আছে প্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ শিক্ষকে পৰৱৰ্তী মাহৰ ১ জুনৰ পৰা নিয়মীয়া দৰমহা পাব।
১৫ জুনৰ ভিতৰত স্কুটী বিতৰণৰ কাম সমাপ্ত কৰা হ’ব। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুক্তিৰ বাবে নতুন নীতি অনুসৰণ কৰা হ’ব। কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত নিযুক্তিৰ বাবে নতুনকৈ ব’ৰ্ড গঠন কৰা হ’ব।
শীঘ্ৰে ১ লাখ নিযুক্তি দিয়া হ’ব শিক্ষা বিভাগত।
সতীসাধিনী বিশ্ববিদ্যালয় আৰু মাজুলী বিশ্ববিদ্যালয়ৰ অস্থায়ী কাৰ্যালয় নিৰ্মাণ কৰা হ’ব ।
কোৰোনাৰ সংক্ৰমনৰ বাবে পিছুৱাই দিয়া মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব, আৰ্হি কি হ’ব বুদ্ধিজীৱী আৰু শিক্ষাবিদৰ লগত শীঘ্ৰে আলোচনা কৰা হ’ব। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাও হ’ব নিশ্চিতভাৱে।
চৰ্চা চলি থকা বিষয় হ্ৰাস কৰা কথাটো সিদ্ধান্ত নহয় কেৱল এটা প্ৰস্তাৱহে।
বদলীবোৰ ভাৰসাম্য বজাই ৰাখি আইন অনুসৰি হ’ব।
কম্পিউটাৰ যিহেতু ভকেচনেল শিক্ষা, কেনেদৰে আমাৰ সাধাৰণ পাঠ্যক্ৰমৰ লগত খাপ খুৱাব পাৰি তাক লৈ পলিচী নিৰ্মাণ কৰিব শিক্ষা বিভাগে।
মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।লগতে পঢ়ক অসমত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা কমিল