শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ব্যক্তিগত সহায়কক ধৰ্ষৰ্ণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। গুৱাহাটীৰ জাপৰিগোগৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লক্ষীনন্দন গগৈক।
এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লক্ষীনন্দন গগৈক। ইতিমধ্যে লক্ষীনন্দন গগৈক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
লক্ষীনন্দন গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬, ৪১৭ ধাৰাৰ অধীনত ৰুজু কৰা ৩৮২১/২১ নম্বৰৰ গোচৰ। পূৰ্বৰ প্ৰেমিকাক বিয়া পতাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ লক্ষীনন্দন গগৈৰ বিৰুদ্ধে।
লগতে পঢ়ক-খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্য়জুৰি কংগ্ৰেছৰ প্ৰতিবাদ