নলবাৰী : শুকুৰবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ এদিন পূৰ্বে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে কামৰূপ গ্ৰাম্য আৰু নলবাৰী জিলাতহে নম্বৰ মুল্যায়ন সন্দৰ্ভত কিছু খেলিমেলি হৈছে যদিও বাকীবোৰ জিলাত সুন্দৰভাৱে মুল্যায়ন হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আশাবাদী শিক্ষামন্ত্ৰীয়ে কয় যে শুশৃঙ্খলভাৱে শুকুৰবাৰে ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল।

ফলাফল ঘোষণাৰ এদিন পূৰ্বে নলবাৰীত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পুৰ্বেই নলবাৰীত উপস্থিত হৈ শিক্ষামন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে নলবাৰীৰ ঐতিহ্যপূৰ্ণ গঙ্গাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আশাবাদী শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমক কয় শুশৃঙ্খলভাৱে ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল।

কেৱল কামৰূপ গ্ৰাম্য আৰু নলবাৰী জিলাতহে পৰীক্ষাৰ নম্বৰ মুল্যায়ন সন্দৰ্ভত কিছু খেলিমেলি হৈছে যদিও বাকীবোৰ জিলাত সুন্দৰভাৱে মুল্যায়ন হোৱা বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ছাত্ৰ-ছাত্ৰীৰ নম্বৰ মুল্যায়ন কৰাত কোনো অসুবিধা হোৱা নাই বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ বাবে গঙ্গাপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হ’ব পাৰে আদৰ্শ।

লগতে পঢ়ক : সুৰাপায়ীক সুৰাৰে গা-ধুৱালে আৰক্ষীয়েঃক’ত সংঘটিত হ’ল এই ঘটনা

ক্ৰমাগতভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উন্নত হোৱাৰ লগতে প্ৰায় পঞ্চাশ লাখ টকা বৰঙনি সংগ্ৰহ কৰি আন্তঃগাঠনিৰ উন্নয়ন সাধন কৰি এই বিদ্যালয়খনে এক আদৰ্শ দেখুৱাইছে বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে আদৰ্শ হ’ব পৰা গঙ্গাপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত গঙ্গাপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ দিয়া হ’ব বিশেষ অনুদান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply