গুৱাহাটীঃ অসমৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(DIET)সমূহৰ সবলীকৰণ সম্পৰ্কত মঙলবাৰে শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৰ সৈতে সদৌ অসম ডায়েট বিষয়া সন্থাৰ এক বিশেষ সভা অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰীগৰাকীৰ সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত ডায়েটৰ প্ৰবক্তামণ্ডলীৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ ওপৰত বিশদ আলোচনা সৌহাৰ্দ্যপূৰ্ণভাবে সম্পন্ন হয়।

এই সভাত শিক্ষা বিভাগৰ সচিব ড° বিজয়া চৌধুৰী, অতিৰিক্ত সচিব প্ৰজ্ঞা চহৰীয়া আৰু এচ চি ই আৰ টিৰ সঞ্চালক ড° নিৰদা দেৱীয়ে অংশগ্ৰহণ কৰে। সদৌ অসম ডায়েট বিষয়া সন্থাৰ সভাপতি ৰাতুল নেওগ আৰু সম্পাদক ড° মঞ্জু চুতীয়াৰ নেতৃত্বত যোৱা ১৫ জনীয়া বিষয়া সন্থাৰ দলটোৱে প্ৰদান কৰা স্মাৰকপত্ৰ গ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে অনাগত সময়ত ডায়েটৰ বৰ্ধিত ভূমিকাৰ বিষয়ে বিশদ ভাবে অৱগত কৰে। সন্থাই এক প্ৰেছ বিবৃতিযোগে জনোৱামতে বিভাগে ডায়েটৰ ৰাজপত্ৰিত বিষয়াসকলৰ পদোন্নতি, পদ পুনৰবিন্যাস, গাঠনিগত সংস্কাৰ আদি অতি জৰুৰী বিষয়সমূহ ক্ষিপ্ৰতাৰে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে। বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ লগত সংগতি ৰাখি শিক্ষামন্ত্ৰীগৰাকীয়ে স্কুলীয়া শিক্ষাৰ শৈক্ষিক, প্ৰশাসনিক দিশত ডায়েটে সমন্বয় ৰাখি কেনেকৈ আগবাঢ়ি যাব লাগিব, সেই সম্পৰ্কত এক গভীৰ মাৰ্গদৰ্শন প্ৰদান কৰে।

এই প্ৰসংগত শিক্ষামন্ত্ৰীৰ বক্তব্যৰ সৈতে সংগতি ৰাখি সচিব ড° বিজয়া চৌধুৰী আৰু সঞ্চালক নিৰদা দেৱীয়ে কয় যে ডায়েটে অধিক সক্ৰিয়তাৰে শিক্ষকসকলৰ নিয়মীয়া প্ৰশিক্ষণ সত্ৰসমূহ অনুষ্ঠিতকৰণ তথা শৈক্ষিক সাহচৰ্য প্ৰদান কৰিব। সংশ্লিষ্ট বিষয়াসকলে যাতে অধিক উৎসাহেৰে কাম কৰিব পাৰে, তাৰ বাবে বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। সন্থাৰ হৈ সভাপতি ৰাতুল নেওগ আৰু ড° মঞ্জু চুতীয়াই জনাই যে শিক্ষামন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত ডায়েটৰ সবলীকৰণৰ উদেশ্যে বলিষ্ঠভাবে আগবাঢ়িছে। বিভিন্ন সমস্যাৰ সৈতে মোকাবিলা কৰি থকা প্ৰবক্তা তথা বিষয়া মণ্ডলীৰ বাবে দীৰ্ঘদিনৰ মুৰত এক উৎসাহৰ পথ খোল খাইছে। এইক্ষেত্ৰত সন্থাই শিক্ষামন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে দিয়া মাৰ্গদৰ্শন অনুসৰি ডায়েটৰ আন্তঃগাঠনিৰ উন্নয়ন, পদ পুনৰ বিন্যাস, ন্যস্ত দায়িত্বৰ সৱলীকৰণ আদি বিষয়ত শীঘ্ৰেই এক ভাল ফলাফল আহিব বুলি বিষয়াববীয়াসকলে আশা প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply