ধেমাজিঃ কৰোণাৰ দ্বিতীয়টো ঢৌৱে অসমত ত্ৰাসৰ সৃষ্টি কৰিছে। এই সংক্ৰমণ ৰোধ কৰাৰ বাবে  ৰাজ্য় চৰকাৰ তৎপৰ হৈ পৰিছে। শুকুৰবাৰে ক’ভিড পৰিস্থতিৰ বুজ ল’বলৈ ধেমাজিলৈ আহিল  নৱ নিযুক্ত শিক্ষামন্ত্ৰী ৰনোজ পেগু।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ক’ভিডৰ পৰিস্থিতি বুজ ল’বলৈ ধেমাজি আৰু লক্ষিমপুৰলৈ আহিল ৰনোজ পেগু।

শিক্ষামন্ত্ৰীগৰাকীয়ে ধেমাজিত উপস্থিত হৈ উপাযুক্ত কাৰ্যালয়ত এখনি ক’ভিড সম্পৰ্কীয় আলোচনাত মিলিত হয়।

আৰু পঢ়কঃনাজিৰাৰ ক’ভিদ কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্তই
চিলাপথাৰ মডেল হস্পিতাল ভ্ৰমণ কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে।

ধেমাজি জিলাত ক’ভিড আক্ৰান্তৰ হাৰ বৰ্তমান ৫.৮ শতাংশ । জিলাখনত বিচনা, অক্সিজেন আৰু ঔষধ পৰ্যাপ্ত আছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
ধেমাজি অসামৰিক হস্পিতালত উপস্থিত হৈ সা -সুবিধাৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply