নিউজ ডেস্কঃ শুকুৰবাৰে প্ৰকাশ কৰা হৈছে ভাৰতীয় উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহৰ ৰেংকিং। শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা এনআইআৰএফ ৰেংকিং তালিকাত অষ্টম স্থানত আছে আইআইটি,গুৱাহাটী। আনহাতে দেশৰ শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ৰ তালিকাত ৫০.৫২ পইন্ট লাভেৰে ৩৬ নং স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়। উল্লেখ্য যে, উত্তৰ-পূৱৰ বিশ্ববিদ্যালয়ৰ তালিকাত শীৰ্ষস্থানত গুৱাহাটী বিশ্ববিদ্যালয়।
আনহাতে দেশৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ স্বীকৃতি আই আই টি মাদ্ৰাছলৈ। দ্বিতীয় স্থানত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্স, বেংগালুৰু আৰু আইআইটি বোম্বাইয়ে তৃতীয় স্থান লাভ কৰিছে। চতুৰ্থ স্থানত আই আইটি দিল্লী, পঞ্চম স্থানত আই আইটি কানপুৰ, ষষ্ঠ স্থানত আইআইটি খড়্গপুৰ, সপ্তম স্থানত আইআইটি ৰোৰ্কি, অষ্টম স্থানত আইআইটি,গুৱাহাটী, নৱম স্থানত এইমছ,নতুন দিল্লী আৰু দশম স্থানত আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়,নতুন দিল্লী।
বিশ্ববিদ্যালয়, মেনেজমেন্ট, মহাবিদ্যালয়, ফাৰ্মাচী, চিকিৎসা, অভিযান্ত্ৰিক, স্থাপত্য, এআৰআইআইএ, আইন আৰু গৱেষণা প্ৰতিষ্ঠান এই ১১টা কেটেগৰীত NIRF Ranking 2022 ৰ তালিকা প্ৰকাশ পাইছে।