হেংদাঙেৰে কাটিলে ভৰত নৰহৰ প্ৰতিমূৰ্তি

নিউজ ডেস্ক: আহোম জনগোষ্ঠীৰ লোকসকলতকৈ চৰ-চাপৰিৰ পমুৱা-মুছলমান অথবা অজানপীৰ-বাঘ হাজৰিকাৰ বংশধৰ খিলঞ্জীয়া মুছলমানসকল আহোমতকৈও অধিক খিলঞ্জীয়া বুলি মন্তব্য কৰি এইবাৰ আহোম জনগোষ্ঠীৰ ৰোষত পৰিছে নাওবৈচাৰ বিধায়ক ভৰত নৰহ।

ভৰত নৰহৰ মন্তব্যত কংগ্ৰেছৰো একাংশ নেতা ক্ষুন্ন হৈ উঠা বুলি জানিব পৰা গৈছে।ভৰত নৰহৰ এনে বক্তব্যত শিৱসাগৰ,নাজিৰা,যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।নাজিৰাত একাংশ ক্ষুদ্ধ আহোম যুৱকে ভৰত নৰহৰ এনে বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ প্ৰতিমূৰ্তিৰ ডিঙি হেংদাঙেৰে ঘপিয়াই কাটি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক মুগা পলু পালন কৰি এশটা পৰিয়ালে দেখিছে উপাৰ্জনৰ সপোন

অসম বিধানসভাৰ অধিবেশনৰ তৃতীয় দিনা নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহে আহোম জনগোষ্ঠীক পূৰ্ব বংগীয় মুছলমানৰ সৈতে তুলনা কৰি যি মন্তব্য আগবঢ়াইছিল তাক লৈ এতিয়া সমগ্ৰ উজনি অসমতে প্ৰতিবাদৰ সৃষ্টি হৈছে।

বৃহস্পতিবাৰে টীয়কৰ ঐতিহাসিক লাচিত মৈদামৰ প্ৰাংগণত কভিড প্ৰট’কল যোৰহাট জিলা টাই আহোম ছাত্ৰ সন্থা আৰু জিলা আহোম সেনাৰ লগতে কেইবাগৰাকীও সচেতন ব্যক্তিই ভৰত নৰহৰ পুতলিকা দাহ কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে ৬০০ বছৰীয়া আহোম ৰাজত্বক বংগীয় মুলমানৰ লগত তুলনা কৰা ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি হুংকাৰ প্ৰদান কৰি অনতি পলমে ক্ষমা বিচাৰিবলৈ দাবী কৰিছে অন্যথা আহোম অৰ্ধোষিত অঞ্চলত ভৰত নৰহৰ প্ৰবেশ নিষিদ্ধ কৰিব বুলি মন্তব্য কৰিছে।

উল্লেখযোগ্য যে, ইতিমধ্যে এই প্ৰতিবাদী কাৰ্যসূচী লাহে লাহে জিলাখনৰ অন্ত প্ৰান্তলৈও প্ৰসাৰিত হৈছে।

লগতে পঢ়ক ‘উত্তৰ-পূব’ৰ যুৱতীক উলংগ কৰি দলবদ্ধ অত্যাচাৰ কৰা ভিডিঅ’; দোষীক বিচাৰি অসম আৰক্ষীৰ অভিযান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply