নিউজ ডেস্কঃ ঈদলৈ মাজত মাত্ৰ এদিন বাকী। কৰোনা বিভীষিকাৰ মাজতে ৰাজ্যত এতিয়া প্ৰস্তুতি চলিছে ঈদ-উল-ফিতৰৰ।
পিছে ঈদক লৈ নাই বিশেষ উৎসাহ-উদ্দীপনা। বিগত বৰ্ষৰ দৰে এইবাৰো ক’ভিড প্ৰট’কলৰ মাজেৰে উদযাপন কৰা হ’ব ঈদ-উল-ফিটৰ।
আৰু পঢ়কঃআজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব মা কামাখ্যা দেৱালয়
উত্তৰ পূৰ্বাঞ্চলৰ কোনো স্থানৰ পৰা জোন দেখাৰ খবৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত অসমত বৃহস্পতিবাৰে ঈদ উদযাপন নহয়।
১৪ মে’ অৰ্থাৎ শুকুৰবাৰেহে অসমত ঈদ-উল-ফিটৰ উদযাপন কৰা হ’ব।
এই ঘোষণা কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সভাপতি আলহাজ মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক ইমদাদ হুছেইনৰ।
লগতে কেন্দ্ৰীয় হিলাল কমিটি, অসমে জনাইছে ইদ-উল-ফিটৰৰ শুভেচ্ছা।