ধুবুৰী : ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাত ক’ভিড বিস্ফোৰণ। ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাৰ ৮ জনকৈ কৰ্মচাৰী ক’ভিডত আক্রান্ত। বেংকখনৰ সকলো কাম কাজ বন্ধ কৰি ৰখা হৈছে।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। অসমত প্ৰতিদিনে নতুন নতুন লোক আক্রান্ত হৈ আছে ক’ভিডত। বৰ্তমান অসমত ক’ভিড আক্রান্ত ৰোগীৰ সংখ্যা ৭৯২ জন।
লগতে পঢ়ক : নাগালেণ্ডত পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হ’ল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন
এইবাৰ ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাত ক’ভিডৰ বিস্ফোৰণ ঘটিছে। বেংকখনত কৰ্মৰত ৮ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। ক’ভিডত আক্রান্ত কৰ্মচাৰী সকলক আছুতীয়াকৈ ৰখা হৈছে।