হাইলাকান্দি : হাইলাকান্দিত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে ৮ জনকৈ লোক। এখন এম্বুলেন্স আৰু অল্টোৰ মাজত হোৱা মুখামুখি সংঘর্ষত এম্বুলেন্সখনৰ যাত্ৰীসহ আহত হয় ৮ জনকৈ লোক।

শনিবাৰে নিশাৰ ভাগত হাইলাকান্দি জিলাৰ আলগাপুৰত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এখন এম্বুলেন্স আৰু অল্টোৰ মাজত হোৱা মুখামুখি সংঘর্ষত ৮ জনকৈ লোক আহত হয়।

এএছ-০১-জিচি-৭৩৩০ নম্বৰৰ তীব্ৰ বেগী এম্বুলেন্সখনৰ হাইলাকান্দিৰ পৰা পাঁচগ্ৰাম অভিমুখে গৈ থকা অৱস্থাত এএছ-১১-ভি-৮৩২৭ নম্বৰৰ এখন অল্টোৰ লগত মুখামুখি সংঘৰ্ষ হয়। ফলত এম্বুলেন্সখনত থকা ৰোগীজনো আহত হয়।

লগতে পঢ়ক  :  ৰূপহীহাটত ৮ বছৰীয়া নাবালিকাক ধৰ্ষণ ৫৮ বছৰীয়া ব্যক্তিৰ

এই পথ দুৰ্ঘটনাত দুয়োখন বাহনৰ চালক আহত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে তৎপৰতাৰে দুয়োখন বাহনৰ আহত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply