মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰী অঞ্চলত চোৰাং কয়লাৰ বিৰুদ্ধ মাৰ্ঘেৰিটা আৰক্ষীয়ে আজি অতৰ্কিত অভিযান চলায়। এই অভিযানত তিনিখন মেক্স গাড়ী কয়লা সহ জব্দ কৰাৰ লগতে ৮ জনক আটক কৰে।

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাস আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বত এটি আৰক্ষী দলে নামদং কলিয়ৰি অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান চলাই AS23 CC3493 AS23 AC 9715আৰু AS23CC 4192 নম্বৰৰ তিনিখন কয়লাভৰ্তি মেক্স জব্দ কৰে আৰু এই সংক্ৰান্তত ৮ জনক আটক কৰে।

আৰক্ষীয়ে নামদাং সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম অঞ্চলত অবৈধভাৱে কয়লাখনন কৰাৰ বাবে চোৰাং ব্যৱসায়ীয়ে গঢ়ি তোলা আণ্ডাৰ গ্ৰাউণ্ড মাইনিংবোৰো ধ্বংস কৰে। আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কয়লা চোৰ জনৈক বিতু-পাপু আৰু জনৈক মিন্তুৱে উক্ত অঞ্চলত অবৈধ ভাৱে এই চোৰাং কয়লাৰ বেহা দীৰ্ঘ দিন ধৰি চলাই আহিছিল।

মাৰ্ঘেৰিটা আৰক্ষী থানা গোচৰ নং ২৯৬ /২১ ১২০(বি) ১৮৮, ৩৭৯, ৪১১, ভাৰতীয় দণ্ডবিধি আইনৰ আৰ / ডাব্লিউ চেক্চন পি ডি পি পি’ত গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অন্যহাতে আৰক্ষীয়ে কেৱল কয়লা চোৰৰ লগত জড়িত পুথি খলিহনাকে আটক কৰাৰ বিপৰীতে ৰৌ বৰালিৰ বিৰুদ্ধ অভিযান থমকি ৰোৱাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰতি নিশাই লিডু, লেখাপানী, নামদাং, বৰগোলাই, বম গাঢ়া আদি অঞ্চলৰ পৰা ট্ৰাকে ট্ৰাকে কয়লাৰ চোৰাং বেহা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈ আছে। বৃহৎ কয়লা চোৰাং বেহা বা কয়লা চিণ্ডিকেটত ৰাজনৈতিক আশীৰ্বাদপুষ্ট লোক এনে বেহাৰ লগত জড়িত বাবেই আৰক্ষী চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰসংগঃ “খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা” নীতিৰ পৰিহাৰ কৰি চোৰাং কয়লা বেহাৰ বিৰুদ্ধ কঠোৰস্থিত লবলৈ আৰক্ষীক সচেতন ৰাইজে আহ্বান জনাইছে। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ কেনে স্থিতি অনাগত সময়ত হ’ব সেইয়া অতি লক্ষণীয় হ’ব।

লগতে পঢ়ক-খুমটাইত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply