বিহালীত নতুন ভোটাৰ তথা ছাত্র ছাত্রীৰ লগত বিজেপিৰ প্রার্থী ৰঞ্জিত দত্তৰ মত বিনিময়

বিশ্বনাথ – ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ প্রথমবাৰৰ বাবে ভোট দিব লগীয়া যুৱক যুৱতী সকলৰ লগত বিহালী ৰংগ মঞ্চত বিজেপিৰ প্রার্থী ৰঞ্জিত দত্তৰ লগত মত বিনিময় অনুষ্ঠান কৰা দেখা পোৱা যায় । প্রায় তিনি শ নতুন ভোটাৰৰ ছাত্র ছাত্রীয়ে অংশ গ্রহন কৰা অনুষ্ঠানত নতুন ভোটাৰৰ প্রায় সংখ্যক যুৱক যুৱতীয়ে নিবনুৱা সমস্যা ওপৰত প্রশ্ন কৰে ।

নির্বাচিত হোৱাৰ পিছত নিৱনুৱা সংস্থাপনত কেনেধৰণৰ ভুমিকা লব বুলিও প্রশ্ন উথাপন কৰে ।মন্ত্রীয়ে বিজেপি চৰকাৰে যিকোনো চৰকাৰী‌ চাকৰী নিকা আৰু যোগ্যতাৰ ভিত্তিত দিছে । ভবিষ্যতেও এনেধৰণেৰে নিযুক্তি দিয়াৰ ব্যৱস্হা কৰা হব বুলিও কয় । আনহাতে চৰকাৰী চাকৰীৰ পৰিবর্তে স্বনিয়োজনৰ ব্যৱস্থাৰৰ বাবেও বিভিন্ন আচনি গ্রহন কৰাৰ পৰিকল্পনা কৰিব বুলিও কয় । মন্ত্রী গৰাক‌ীয়ে অহা দিনত দক্ষতা বিকাশ কেন্দ্র স্থ‍াপন ক্ষেত্রতোও গুৰুত্ব দিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply