প্ৰতিনিধিত্বমূলক ছবি

দেশত ক’ভিডৰ দ্বিতীয়টো ধৌৱে সৃ্ষ্টি কৰা শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে।

২ মে’ত হ’ব লগীয়া অসমকে ধৰি চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা প্ৰাৰ্থী আৰু পলিং বিষয়াসকলৰ বাবে জাৰি কৰিছে কেইবাটাও আচৰণবিধি।

সেই অনুসৰি ভোটগণনা কাৰ্যসূচী আৰম্ভ হোৱাৰ পৰা ৪৮ ঘণ্টা পূৰ্বে কৰা ক’ভিড টেষ্টৰ নিগেটিভ ৰিজাল্ট থকা প্ৰাৰ্থী আৰু পলিং বিষয়াসকলকে ভোটগণনা কেন্দ্ৰত উপস্থিত থাকিবলৈ দিয়া হ’ব।

দুই পালি ক’ভিড টীকাকৰণ গ্ৰহণ নকৰা আৰু জ্বৰ, পানীলগা আদি ক’ভিডৰ লক্ষণ থকা কোনো প্ৰাৰ্থী তথা ভোটগণনাকাৰীক কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

নিৰ্বাচন আয়োগে সকলো প্ৰাৰ্থী আৰু ভোটগণনাকাৰী বিষয়াসকলৰ RT-PCR আৰু ৰেপিড এণ্টিজেন টেষ্ট কৰাবলৈ জিলা নিৰ্বাচনী বিষয়াসকলক নিৰ্দেশ দিছে।

ভোটগণনাৰ দিনা সকলো নিৰাপত্তাৰক্ষী, ভোটগণনাকাৰীয়ে মাস্ক, হেণ্ড ছেনিটাইজাৰ, ফে’চ শ্বিল্ড, হাতমোজা আদি পৰিধান কৰিব লাগিব।

ইয়াৰ উপৰি একে শাৰীত বহা ভোটাগণনাকাৰী এজেণ্টসকলৰ প্ৰতি ৩ গৰাকীৰ মাজৰজনে পি পি ই কিট পৰিধান কৰিব লাগিব।

গণনা কেন্দ্ৰত ক’ভিড প্ৰ’তকল অনুযায়ী সামাজিক দূৰত্ব ৰক্ষা কৰিব লাগিব বুলি সদৰী কৰি কেন্দ্ৰসমূহৰ বাহিৰত সমাবেশ নিষিদ্ধ কৰা হৈছে বুলি আয়োগে জানিবলৈ দিয়ে।

ভোটগণনা আৰম্ভ হোৱাৰ পূৰ্বে ই ভি এম আৰু ভি ভি পেট মেচিন কঢ়িয়াই অনা কণ্টেইনাৰসমূহ ছেনিটাইজ কৰি ল’ব লাগিব।

প্ৰতিটো ভোটগণনা কেন্দ্ৰত গ্ৰহণ কৰা ক’ভিডৰ সতৰ্কতামূলক আচৰণ-বিধিৰ সম্পূৰ্ণ নিয়মৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট স্বাস্থ্য বিভাগৰ পৰা নিৰ্বাচনী বিষয়াই লাভ কৰিব লাগিব বুলিও নিৰ্দেশনাটোত কোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply