নিউজ ডেস্কঃ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক ভাবুকি দিয়াৰ অভিযোগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ জাননী।
কংগ্ৰেছৰ সহযোগী দল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক NIAৰ যোগেদি জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ।
আৰু পঢ়কঃজনপ্ৰিয় কন্ঠশিল্পী বাপ্পী লাহিড়ী কৰোণা পজিটিভ
হিমন্তৰ এই মন্তব্যৰ পিছতে কংগ্ৰেছে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল ।
এই সন্দৰ্ভত প্ৰভাৱশালী মন্ত্ৰী গৰাকীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে ।
২ এপ্ৰিলৰ ভিতৰত এই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ নিৰ্দেশনা প্ৰেৰণ কৰে নিৰ্বাচন আয়োগে ।
আৰু পঢ়কঃ গুৱাহাটীত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ
২ এপ্ৰিলত ৫ বজাৰ ভিতৰত শৰ্মাই নিৰ্বাচন আয়োগক দিব লাগিব উত্তৰ ।
কাৰণ দৰ্শাব নোৱাৰিলে নিৰ্বাচন আয়োগে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছে জাননীত ।
কংগ্ৰেছৰ অভিযোগ পত্ৰৰ ভিত্তিত নিৰ্বাচন আয়োগৰ এই পদক্ষেপ ।