সংবিধানৰ নিয়মমতে ২০০১ৰ লোকপিয়ল আৰু জনপ্ৰতিনিধি আইনৰ আধাৰত সমষ্টি পুননিৰ্ধাৰণ প্ৰক্ৰিয়া কৰা হব। খচৰা প্ৰকাশৰ পূৰ্বে গ্ৰহন কৰা হৈছে শুনানি লগতে নিৰ্বাচনী আয়োগে জানিবলৈ দিয়ে যে খচৰা প্ৰকাশৰ পাছতো গ্ৰহন কৰা হব শুনানি।
মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ৯টা ৰাজনৈতিক দল আৰু প্ৰায় ৬০টা সামাজিক সংগঠনৰে আলোচনা কৰা হৈছে। সাহিত্য সভাকে ধৰি বহু সংগঠনে অংশ লৈছে। আমি যথেষ্ট লাভান্বিত হৈছো এই শুনানিৰ জৰিয়তে। অসমৰ কংগ্ৰেছক দুবাৰকৈ নিমন্ত্ৰণ কৰাৰ পিছতো সাক্ষাৎ নকৰিলে বুলি উল্লেখ কৰিছে আয়ুক্ত গৰাকীয়ে।
সংবাদমেলত কুমাৰে উল্লেখ কৰে যে সংগঠনসমূহে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে যদিও কিছু প্ৰশ্নও উত্থাপন কৰিছে। তেওঁ সদৰী কৰা মতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ২০০১ চনৰ লোকপিয়লৰ পৰিৱৰ্তে ২০২১ চনৰ লোকপিয়লক কিয় আধাৰ কৰা নহ’ল, সেই বিষয়ত সংগঠনসমূহে প্ৰশ্ন তুলিছে। লগতে সংগঠনসমূহে উত্থাপন কৰা আন প্ৰশ্নসমূহ এন আৰ চিৰ সৈতে জড়িত আছিল বুলি উল্লেখ কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় লগতে সীমা নিৰ্ধাৰণ আয়োগে কিয় এই প্ৰক্ৰিয়া কৰা নাছিল বুলি প্ৰশ্ন উত্থাপন হোৱা বুলিও উল্লেখ কৰে।
লগতে নিৰ্বাচনী আয়ুগে জানিবলৈ দিয়ে যে সংবিধানৰ নিৰ্দেশনা ভিত্তিত সমষ্টি সংখ্যা সাল-সলনি নহয় কেৱল সমষ্টিৰ চাৰিসীমাহে পুননিৰ্ধাৰণ কৰা হব। বিধানসভাৰ ১২৬ টা আৰু লোকসভাৰ ১৪ টা সমষ্টিয়ে বাহাল থাকিব।
BTR আৰু ষষ্ঠ অনুসূচীত যি নিয়ম আছে সেইখিনি অটুট থাকিব বুলি নিৰ্বাচনী আয়োগে ঘোষনা কৰে। ১৫ এপ্ৰিললৈকে সকলোৱে সমষ্টি পুনৰ নিৰ্ধাৰণত আপত্তি, পৰামৰ্শ আদি দিব পাৰিব।
ৰাজীৱ কুমাৰে কয়, NRC আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ দুয়োটা পৃথক বিষয়, ২০০১ৰ লোকপিয়লত থকা সকল NRCত নাথাকিলেও আমাৰ প্ৰক্ৰিয়াত থাকিব। তেওঁ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰি এই সীমা নিৰ্ধাৰণ কৰা হ’ব বুলি সংবাদ মেলত মন্তব্য কৰে।