নলবাৰী : নিৰ্বাচনী কামত নিয়োজিত বিষয়াৰ বাহন ভাঙি চুৰমাৰ। নলবাৰীত নিৰ্বাচনী কামত নিয়োজিত বিষয়াৰ ৬ খন বাহন ভাঙি চুৰমাৰ। নলবাৰীৰ গৰ্ডন স্কুল খেলপথাৰত সংঘটিত হৈছে এই ঘটনা।
নলবাৰীৰ গৰ্ডন স্কুল খেলপথাৰত বৃহস্পতিবাৰে দিন দুপৰতে ঘটিল এক অঘটন। নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ ৬ খনকৈ চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় নলবাৰীত।
অহা ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী কামত নিয়োজিত বিষয়া কৰ্মচাৰী সকলে তেওঁলোকৰ বাহন সমুহ ৰাখিছিল গৰ্ডন স্কুল খেলপথাৰত। অচিনাকী দুৰ্বৃত্তই বিয়লিৰ ভাগত শিল, ইটা আৰু ৰদেৰে বাহন সমূহত আক্ৰমণ কৰি ৬ খনকৈ বাহন ভাঙি চুৰমাৰ কৰাৰ সন্দেহ কৰা হৈছে।
উল্লেখ্য যে খেলপথাৰখনত বিয়লিৰ ভাগত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী খেলৰ প্ৰশিক্ষণত অংশ কৰে। ছাত্ৰ-ছাত্ৰীসকল খেলপথাৰলৈ অহাৰ পূৰ্বে কোনো দুবৃত্তই পৰিকল্পিতভাৱে বাহন সমুহ ভাঙি চুৰমাৰ কৰাত চিন্তিত হৈ পৰিছে বিষয়া-কৰ্মচাৰী সকল।
ইফালে ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই। দুবৃত্তই ভাঙি চুৰমাৰ কৰা বাহন সমুহৰ ভিতৰত আছে দুখন গ্ৰেণ্ড আই ১০, এখন ৱগেনআৰ, এখন ইক’ স্পোৰ্টছ, এখন এল্ট কে ১০ কে ধৰি আন এখন বিলাসী বাহন।