নিউজ ডেস্কঃ সমাগত বিধানসভা নির্বাচনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টিৰ ভোটগ্ৰহন | ইয়াৰ বাবে জিলা প্রশাসনে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত উপায়ুক্ত বিশ্বজিৎ পেগুৱে নির্বাচন আয়োগৰ নীতি–নির্দেশনা অনুসৰি বিধানসভা নির্বাচনৰ প্রস্তুতি সম্পর্কে সংবাদ মাধ্যমক অৱগত কৰে৷ কামৰূপ (ম) জিলাৰ অন্তর্গত ৪টা সমষ্টিৰ সর্বমুঠ ১১,৩৭,৩৭৬গৰাকী ভোটাৰে আছে৷
জিলাখনৰ সর্বমুঠ ১,৭০৭টা ভোট কেন্দ্রত ক’ভিড প্রট’কল মানি ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ জিলাখনৰ অন্তর্গত ৫১নং জালুকবাৰী সমষ্টিৰ ২,০২,৪০০ ভোটাৰে ২৯৭টা ভোটগ্রহণ কেন্দ্রত ভোটদান কৰিব৷ ৫২নং দিছপুৰ সমষ্টিত সর্বমুঠ ৪,০৬,৫৫৬জন ভোটাৰে ৬০৭টা ভোট কেন্দ্রত ভোটদান কৰিব৷ ৫৩নং পূব গুৱাহাটী সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,৩৬,২৮৯গৰাকী৷
সমষ্টিটোত ৩৫৩টা ভোটকেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,৯২,১৩১গৰাকী৷ সমষ্টিটোৰ ৪৫০টা ভোটকেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ এইবাৰ জিলাখনৰ প্রায় ৫০ হাজাৰ নতুন ভোটাৰে প্রথমবাৰৰ বাবে ভোটদান কৰিব৷ প্রতিটো ভোটগ্রহণ কেন্দ্রত ১,০০০ ভোটাৰকহে ভোটদান কৰিবলৈ দিব৷
কামৰূপ (ম) জিলা প্রশাসনে এইবাৰ ১৮টা আদর্শ ভোটকেন্দ্র, ১২০ৰ পৰা ১২৫টা ভোটকেন্দ্র কেৱল মহিলা কর্মচাৰীৰ দ্বাৰা পৰিচালনা কৰাৰ বাবে সাজু হৈছে ৷ নির্বাচনী অধিসূচনা উলংঘা কৰা প্রার্থী আৰু সমর্থকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ ০৩৬১-৩৫১৭৪১২ আৰু ০৩৬১-৩৫১৭৪০২ নম্বৰ দুটা মুকলি কৰিছে৷