নিউজ ডেস্ক: ২৭ মাৰ্চত ভোটগ্ৰহণ হ’বলগীয়া ১১৪ নং বিধানসভা জোনাই সমষ্টিতো শান্তিপূৰ্ণ ভোটদানৰ বাবে জোনাই মহকুমা প্ৰশাসনে সকলো প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰিছে। এইবাৰ জোনাই বিধান সভা সমষ্টিত ২২৭৫৮ গৰাকী নতুন ভোটাৰ সংযোগেৰে মুঠ ৩০৮১৮৩ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ১৫৬৭০৯ গৰাকী আৰু মহিলা ১৫১৪৭৪ গৰাকী ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব।
উল্লেখ্য যে কভিড -১৯ ৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি জোনাই সমষ্টিটোত এক হাজাৰতকৈ অধিক ভোটাৰ থকা ভোট কেন্দ্ৰ সমূহক বিভক্ত কৰা হৈছে৷ তদুপৰি জোনাই সমষ্টিটোত নতুন ৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰ সংযোগ কৰি মুঠ ৪৪৯ টা ভোট গ্ৰহণকেন্দ্ৰ কৰা হৈছে৷জোনাই সমষ্টিটোক নিৰ্বাচনৰ বিশেষ সুবিধাৰ্থে ১২ টা zone আৰু ৩৯ চেক্টৰত বিভক্ত কৰা হৈছে৷
সমষ্টিটোত মুঠ ২৭৬৬ জন ডি ভোটাৰ থকা বুলি জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে সংবাদ মাধ্যমক সদৰী কৰে।
সমষ্টিটোৰ ৮০ ৰ উৰ্ধ আৰু বিশেষভাবে সক্ষম লোক সকলে নিৰ্বাচন আয়োগৰ নতুন নিয়ম অনুসৰি পোষ্টেল বেলেটৰ মাধ্যমত ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব বুলি জানিব দিয়ে৷
১২৪নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত এইবাৰ প্ৰথম পৰ্য্যায়ত নিৰ্বচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে অহা ৯ মাৰ্চৰ ভিতৰত আৱেদন কৰিব পাৰিব। এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত ভোটাৰ সংখ্যা প্ৰায় ১৯২৮৭৭জন ইয়াৰে পুৰুষ ভোটাৰ ৯৭৮০৫ আৰু মহিলা ভোটাৰ ৯৫০৭২ গৰাকী।
এইবাৰ মাৰ্ঘেৰিটাত সৰ্বমুঠ ২৭৪ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব ইয়াৰে ৪টা মডেল চেণ্টাৰ আৰু দুটা কেন্দ্ৰ মহিলাৰ বাবে আদৰ্শ চেণ্টাৰ হিচাপে স্থাপন কৰা হ’ব।মাৰ্ঘেৰিটাৰ নৱ নিযুক্ত মহকুমাধপতি সম্প্ৰীতি গোস্বামীয়ে সংবাদমাধ্যমক এই কথা জানিবলৈ দিয়ে |ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত সৰ্বমুঠ ৩০ লাখ ৮০ হাজাৰ টকা খৰচ কৰিব পাৰিব লগতে কভিড-১৯ তথা ভাৰতীয় নিৰ্বাচনী আয়োগৰ নীতি নিয়ম সমূহ মানি চলিব লাগিব বুলি লগতে উল্লেখ কৰে।