নিৰ্বাচনত সামগ্ৰী যোগানৰ নামত লুণ্ঠন

সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ সময়ত হোৱা ব্যয়ৰ পৰিমান বৃহৎ হোৱাৰ আঁৰত চলা কেতবোৰ কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে৷ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ নামত
বৃহৎ লুণ্ঠনৰ গুৰুত্বৰ অভিযোগ উঠিছে৷
নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিপক্ষে ব্যাপক দূৰ্নীতি অভিযোগ আহিছে শেহতীয়াকৈ৷

বিগত বিধানসভা নিৰ্বাচনত সামগ্ৰী যোগানৰ নামত লুণ্ঠনৰ কুটকৌশল ৰচনাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷ একাংশ সামগ্ৰী যোগান ধৰা ফাৰ্মৰ লগত মিলি নগাঁও জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই ৰাজকোষৰ ধন অপচয় কৰাৰ চেষ্টা কৰিছে ৷ বিশেষকৈ ছপাশালৰ সামগ্ৰী যোগানৰ নামত ধন লুন্ঠনৰ যি পৰিকল্পনা কৰা ৰচনা কৰিছে সেই কথা শুনিলে আপুনি আচৰিত হ’ব ৷ এই অভিযোগ তুলিছে নগাৱৰ কান্তিকাল প্ৰকাশৰ স্বত্বাধিকাৰী কৈলাশ ৰাজখোৱাই ৷
উল্লেখ্য যে বিধানসভা নিৰ্বাচনত নগাঁৱৰ মুষ্টিমেয় ছপাশালৰ জৰিয়তে গোপন বুজাবুজিৰে ৰাজকোষৰ ধন লুণ্ঠনৰ প্ৰচেষ্টা নগাঁও জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ । ৰাজকোষৰ ধন অপচয় কৰি ছপাশালৰ সামগ্ৰী ১০গুণ বেচি দামত ক্ৰয় কৰাৰ চেষ্টা কৰিছে নগাওঁ জিলা প্ৰশাসনে। ১টকা মূল্যৰ বগা এনভ্লপৰ নিবিদাৰ নুন্যতম মূল্য জিলা প্ৰশাসনে ধাৰ্য কৰিছে ১১টকা । নিৰ্বাচনৰ সময়ত পুলিং এজেন্ট বুলি লিখা ১২ ইঞ্চি আৰু ৪ ইঞ্চি জোখৰ এখন বৰ্ডৰ মূল্য হ’লগৈ ৯০ টকা, যি খনৰ বজাৰ মূল্য ১১ টকা ,
ঠিক একেদৰে চাইনবৰ্ডৰ নামতো বৃহৎ লুণ্ঠনৰ প্ৰস্তুতি চলাইছৰ জিলা প্ৰশাসনৰ এই চক্ৰটোৱে। পিছে ৰাজকোষৰ ধন লুণ্ঠনৰ গোপন ব্লুপিণ্ট ৰচা নগাঁও জিলা প্ৰশাসনৰ দূৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব নগাঁও জিলাৰ উপায়ুক্তই কিবা ব্যবস্থা কেতিয়াবা ল’ব নে ৷ নিৰ্বাচনী দায়িত্বত থকা বিষয়াসকলৰ এই দূৰ্নীতিয়ে এতিয়া চকু কপালত তুলিছে জনসাধাৰনৰ ৷ ৰাজ্য চৰকাৰৰ বিষয় নহয় বাবেই বিষয়বোৰৰ পৰা আতৰি আছে সকলো ৷এনেদৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ নামত লুণ্ঠন চলোৱা সকলক কোনে নিয়ন্ত্ৰণ কৰিব সেইটোহে লাখটকীয়া প্ৰশ্ন ৷

লগতে পঢ়ক কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা এজন আৰক্ষী বিষয়াৰ পৰিয়ালে আজিও নাপালে নিজৰ প্ৰাপ্য দৰমহা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply