গুৱাহাটীঃ অসম বিধান সভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া চলি আছে।
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য মতে কামৰূপ মহানগৰ জিলাত ৪ টা সমষ্টিত ১ বজালৈ ভোটদানৰ হাৰ হৈছে ৪৬.৭৫ শতাংশ ।
জালুকবাৰী সমষ্টিত ১ বজালৈ ৫১ শতাংশ ভোটদান । দিছপুৰ সমষ্টিত ১ বজালৈ ৪৫ শতাংশ ভোটদান। পূব গুৱাহাটী সমষ্টিত ১ বজালৈ ৪২ শতাংশ। পশ্চিম গুৱাহাটী সমষ্টিত ১ বজালৈ ৪৯ শতাংশ ভোটদান সম্পন্ন হৈছে।

পূব কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপ কৰি থকা অৱস্থাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী।

বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাই পৰিয়ালসহ ভোটদান সাব্যস্ত কৰে গুৱাহাটী মহানগৰীত ।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পত্নী বিশিষ্ট লেখিকা ৰীতা চৌধুৰী আৰু জীয়ৰীৰ সৈতে সাব্যস্ত কৰিলে কৰিলে ভোটাধিকাৰ।
দুপৰীয়া ১বজালৈ অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ ৫৩.২৩%।