গুৱাহাটী : ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত গুৱাহাটীৰ ৰাজপথ চলিব ইলেক্ট্রিক বাছ। গুৱাহাটীৰ ৰাজপথৰ পৰা নাইকিয়া হ’ব ডিজেল বাছ। ডিজেল বাছৰ ঠাই দখল কৰিব ইলেক্ট্রিক আৰু চি এন জি বাছ। প্ৰথম অৱস্থাত পৰিবহন নিগমৰ অধীনত চলা বাছ সমূহ ইলেক্ট্রিক আৰু চি এন জি কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ ১০০ দিন সম্পূৰ্ণ। ১০০ দিন সম্পূৰ্ণ হোৱা দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ কেবিনেট বৈঠক অনুষ্ঠানি হয়। কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে সংবাদ মেল অনুষ্ঠিত কৰি কেইবাটাও বিশেষ আঁচনি ঘোষণা কৰে।
সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে গুৱাহাটীৰ ৰাজপথৰ পৰা নাইকিয়া হ’ব ডিজেল বাছ। ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰৰ গুৱাহাটীৰ ৰাজপথত ইলেক্ট্রিক আৰু চি এন জি বাছ চলিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। প্ৰথম অৱস্থাত পৰিবহন নিগমৰ অধীনত চলিব এই বাছ সমূহ। চৰকাৰে ২০০ খন ইলেক্ট্রিক আৰু ১০০ খন চি এন জি বাছ কিনিব।
ইফালে ক’ভিডসৃষ্ট পৰিস্থিতিৰ ফলত আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ হৈ থকাৰ ফলত আৰ্থিক সমস্যাত পৰিছে বাছ চালক সৰু হেণ্ডিমেন সকল। এই বাছ চালক আৰু হেণ্ডিমেন সকলক চৰকাৰে এককালীন সাহাৰ্য্য প্ৰদান কৰিব। ১০ হাজাৰ টকা কৈ চৰকাৰে সাহাৰ্য্য প্ৰদান কৰিব আৰু ইয়াৰ পৰা প্ৰায় ৬০ হাজাৰ লোক উপকৃত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
আনহাতে ক’ভিডৰ বাবে বন্ধ হৈ থকা বিভিন্ন মঠ-মন্দিৰৰ-নামঘৰৰ পুৰোহিত আৰু নামঘৰীয়া সকলো ১৫ হাজাৰ টকাকৈ এককালীন সাহাৰ্য্যৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে অৰুনোদয় আঁচনিৰ ধন ১ হাজাৰ টকালৈ বৃদ্ধি কৰা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।পদ পথৰ ব্যৱসায়িকো অতি সোনকালে দিব সাহায্য।
ৰাজ্য চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
লগতে পঢ়ক : স্নাতক পৰ্যায়ত নামভৰ্তিৰ নামত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ বৰ্ণবাদৰ আশ্ৰয় লোৱাৰ অভিযোগ
ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰতো পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। নৱম আৰু দশম শ্ৰেণীৰ বুৰঞ্জী আৰু ভূগোল বিষয়া বাধ্যতামূলক কৰিব চৰকাৰে। ২০২২ চনৰ পৰা চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি প্ৰতিখন জুনিয়ৰ কলেজত নৱম, দশম আৰু দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।ছেবা আৰু কাউন্সিলো একত্ৰিকৰণ কৰা হ’ব।