ৰঙিয়া – প্ৰথমবাৰৰ বাবে অসমত বিদ্যুৎ চালিত ৰে’লৰ সফল পৰীক্ষণ। বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ এখন বিশেষ বিদ্যুৎ চালিত ৰে’লৰ পৰীক্ষণ কৰা হয়। ৰেলৱে সুৰক্ষা আয়ুক্ত মহম্মদ লতিফ খানৰ তত্বাৱধানত এই পৰীক্ষণ কৰা হয়।

অতি শীঘ্ৰে অসমত চলিব বিদ্যুৎ চালিত ৰে’ল। ইয়াৰ পূৰ্বে এনেধৰণৰ বিদ্যুৎ চলিত ৰে’লৰ পৰীক্ষণ চলোৱা হৈছে। এই পৰীক্ষণত উপস্থিত থাকে ৰঙিয়াৰ ডিআৰ‌এম ভিএ মালেগাওকৰ। ডিআৰ‌এম মালেগাওকৰে এই পৰীক্ষণ সফল হোৱা বুলি জানিবলৈ দিয়ে।

ৰে’লৱে সুৰক্ষা আয়ুক্তৰ প্ৰতিবেদনৰ পিছত অসমত বিদ্যুৎ চালিত ৰে’ল চলোৱা হব। উল্লেখ্য যে শ্ৰীৰামপুৰৰ পৰা কামাখ্যা ষ্টেচনলৈকে বিদ্যুৎ চালিত ৰে’ল চলোৱাৰ বাবে ইতিমধ্যে ৰে’লপথ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াৰ পিছত পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে ৰে’লপথ সমূহ বৈদ্যুতিকৰণ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply