কামাখ্যা পালেহি প্ৰথমখন বৈদ্যুতিক ৰেল

আজি অসমৰ ৰেলৱেৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ দিন। প্ৰথমখন দূৰণীবটীয়া যাত্ৰীবাহী ইলেক্ট্ৰিক ৰেল অসমলৈ চলিল। দিল্লীৰ পৰা কামাখ্যা ষ্টেচনলৈ চলা ব্ৰহ্মপুত্ৰ মেইল ইলেক্ট্ৰিক ল’ক’ ৰেলখন দিনৰ ১.৩০ত কামাখ্যা পায়হি।

ইয়াৰ কিছুসময়ৰ পিছত পুনৰ আনএখন দূৰণীবটীয়া বিদ্যুতচালিত যাত্ৰীবাহী নৰ্থ ইষ্ট এক্সপ্ৰেছ নতুন দিল্লীৰ পৰা কামাখ্যা ষ্টেচনলৈ আহে ।

গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত প্ৰথমখন বৈদ্যুতিক মালবাহী ৰে’ল উপস্থিত হয়।
৩২০৪৯ নম্বৰৰ এইখন ৰে’ল অসমৰ ৰে’লপথত চলা প্ৰথমখন বৈদ্যুতিক ৰে’ল।

ইয়াৰ পূৰ্বে, বৈদ্যুতিক মালবাহী ৰে’ল পশ্চিমবংগৰ নিউ জলপাইগুৰি আৰু নিউ কোচবিহাৰলৈকে চলিছিল।

লগতে পঢ়ক-উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল গুৱাহাটী পৌৰ নিগমৰ অভিযন্তা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply