ক্ষেত্ৰীৰ বেঙেনাবাৰী অঞ্চলৰ ৰাইজ এতিয়া বনৰীয়া হাতীৰ উপদ্ৰবত উজাগৰী নিশা কটাব লগা হৈছে। হাতীৰ অত্যাচাৰত বহুবোৰ ঘৰ ভাঙি থানবান হৈছে। যোৱা নিশাও হাতীৰ উপদ্ৰবত এটা বাসগৃহ সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰে।ইয়াৰ ফলত কথমপি প্ৰাণ ৰক্ষা শিশু সহ এটি পৰিয়াল।

নিশা বন্যহস্তীয়ে ক্ষেত্ৰীৰ বেঙেনাবাৰীৰ কাৰ্তিক ডেকা নামৰ লোক জনৰ বাসগৃহত প্ৰৱেশ কৰি ব্যাপক ৰূপত ধ্বংস লীলা চলায়।
বন্যহস্তীয়ে লোক জনৰ বাসগৃহৰ বেৰ ভাঙি প্ৰৱেশ কৰি সকলো সামগ্ৰী গচকি লণ্ড-ভণ্ড কৰে।
নিশা নিজ গৃহৰ ভিতৰত প্ৰকাণ্ড বন্য হস্তী দেখি বাসগৃহ এৰি পলায়ন কৰে পৰিয়ালৰ লোক।
অবাধ গতিত বনাঞ্চল ধংস হোৱাৰ বাবে সময়ে সময়ে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে ত্ৰাসিত কৰি আহিছে গঞাক।
এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

লগতে পঢ়কঃমহানগৰীৰ ছাত্ৰীবাৰীত গুলীচালনাৰ ঘটনা ব্যবসায়ীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply