কন্দলী ফায়েৰিং ফিল্ডৰ কাষত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ ৷
পুৱা স্থানীয় লোকে মৃত হাতীটো প্ৰতক্ষ্য কৰি বন বিভাগক খৱৰ দিয়ে ৷
হাতীটোৰ কি কাৰণত মৃত্যু হ’ল এই পৰ্যন্ত জানিব পৰা নাই ৷
দীৰ্ঘ দিন ধৰি নিশা হলেই কন্দলী অঞ্চলত বন্যহস্তীৰ জাকে ক্ৰাসৰ সৃষ্টি কৰি আহিছে ৷
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত৷খাদ্যৰ সন্ধানত এতিয়া জনাঞ্চলত বন্যহস্তী৷
নিশা পুনৰ নগাঁৱৰ কঠিয়াতলী এঘাৰ মাইলত বন্যহস্তীয়ে সন্ত্ৰাস চলায়৷
পাঁচজনীয়া এটা হাতীৰ জাকে আবুল হুছেইন নামৰ লোকজনৰ বাসগৃহ ভাঙি সা-সম্পতি নষ্ট কৰাৰ লগতে ভিতৰত থকা, ধান আৰু চাউল খায় যায়৷
অঞ্চলটোত দৈনিক বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাত ঘৰত নাছিল আবুল হুছেইনৰ পৰিয়াল৷পাছত ঘটনাস্থলীত বনবিভাগ আৰু আৰক্ষী উপস্থিত হৈ হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয়৷