পলাশবাৰীৰ গোঁসাইহাট উপাৰ পাৰাত ৰেলৰ খুন্দাত এটা বনৰীয়া হাতীৰ মৃত্যুৰ লগতে আন এটা আহত হয়।
মালিয়াটা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল হাতীৰ জাক এটা।
হাতীৰ জাকতো ৰেল লাইন পাৰ হৈ যায় যদিও দুটা পাৰ হবলৈ ধৰোতে গুৱাহাটীৰ পৰা দিল্লী অভিমুখে তীব্ৰ বেগে অহা মালবাহী ৰেলখনে দুটা হাতীক খুন্দা মৰাত এটাৰ মৃত্যু হয় আৰু আন এটা আহত হৈ জংঘললৈ গুছি যায়।
যোৱা নিশা কামাখ্যা যোগীঘোপা ৰেললাইনত হয় এই কৰুণ ঘটনা।
মৃত হাতীতো ৰেল খনে বহু দূৰৰলৈ মহতীয়াই অনাৰ বিপৰীতে আঘাত প্ৰাপ্ত হাতীতো পুনৰ পাহাৰৰ জংঘল লৈ সোমাই যায়।
নিশাই বনবিভাগৰ লোক আৰু ৰেল বিভাগৰ লোক ঘটনা স্থলীত উপস্থিত হৈ মৃত হাতীতো ৰেল লাইনৰ পৰা আঁতৰাই ৰেল লাইনতো মোকোলাই দিয়ে ৰেল চলাচলৰ বাবে ।
ৰাইজৰ দাবী উক্ত এলেকাত যিহেতু প্ৰতিদিনে হাতী ওলাই সেই স্থানত হাতীৰ কৰিদৰ বুলি চাইনবোৰ্ড লিখি আৰি দিয়াৰ লগতে ৰেলৰ গতি বেগ কমাবৰ বাবে।
লগতে পঢ়ক- আৰক্ষীয়ে গুলীয়াই আহত কৰা নগাঁও কাণ্ডৰ শুনানী ২৮ জানুৱাৰীত